NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত ক’ভিড আক্ৰান্ত ৮০৩লৈ বৃদ্ধি, নতুনকৈ চিনাক্ত ৫৩

June 7, 2020 11:08 pm · এন ই নাও নিউজ
Updated: June 8, 2020 5:02 pm
প্ৰতিনিধিত্বমূলক ছবি

আৰু ৫৩গৰাকী ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে ত্ৰিপুৰাত মুঠ আক্ৰান্ত দেওবাৰে ৮০৩লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ চিনাক্ত ক’ভিড আক্ৰান্তসকলক ৪৯গৰাকী চেপাহিজালা আৰু চাৰিগৰাকী গোমাতি জিলাৰ।

মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে টুইটাৰত এই তথ্য সদৰী কৰি কয় যে আক্ৰান্তসকলৰ আটাইকেইগৰাকী চেন্নাইৰ পৰা ৰেলত ৰাজ্যলৈ ঘূৰি আহিছিল।

তেওঁলোকে লগতে জনায় যে ১১৫৩টা নমুনা পৰীক্ষাৰ অন্তত এইসকল লোকক ক’ভিড পজিটিভ পোৱা গৈছে।

ৰাজ্যখনত এতিয়ালৈকে ক’ভিড-১৯ত এজন ব্যক্তিৰ মৃত্যু হোৱা বুলি মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে টুইটাৰত উল্লেখ কৰিছে।

১৯২গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

ত্ৰিপুৰাত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৬০৭গৰাকী।

Related News