NORTHEAST NOW (Assamese)

ভাৰতত ক’ভিড-১৯ আক্ৰান্ত ৮৪৪৭ গৰাকীলৈ বৃদ্ধি; মৃত ২৭৩, আৰোগ্য ৭৬৪

April 12, 2020 11:08 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ভাৰতত দেওবাৰলৈকে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৮,৪৪৭ গৰাকীলৈ বৃদ্ধি পাইছে। ৭৬৪ গৰাকী আৰোগ্য হৈছে, মৃত্যু হৈছে ২৭৩জনৰ।

যোৱা ২৪ ঘণ্টাত দেশত ৯০৯গৰাকী নতুন ক’ভিড-১৯ ৰোগী চিনাক্ত হৈছে, মৃত্যু হৈছে ৩৪ গৰাকীৰ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য মতে বৰ্তমান দেশত সক্ৰিয় আছে ৭৪০৯ গৰাকী ৰোগী।

অসমত যোৱা ২৪ ঘণ্টাত কোনো নতুন ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হোৱা নাই। অসমত মুঠ ২৯জন ৰোগী চিনাক্ত হৈছে, এজনৰ মৃত্যু ঘটিছে।

অসমত চিকিৎসাধীন পাঁচগৰাকী ৰোগীৰ নমুনা নিগেটিভ ওলোৱা বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে উল্লেখ কৰিছিল।

মণিপুৰৰ প্ৰথমগৰাকী ক’ভিড-১৯ ৰোগী সুস্থ হৈ উঠিছে। চিকিৎসাৰ অন্তত তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছে।

মণিপুৰত আৰু এজন ক’ভিড-১৯ ৰোগী চিকিৎসাধীন অৱস্থাত আছে।

অৰুণাচল প্ৰদেশ আৰু মিজোৰামত এগৰাকীকৈ আৰু ত্ৰিপুৰাত দুগৰাকী ক’ভিড-১৯ ৰোগী চিকিৎসাধীন হৈ আছে।

উত্তৰ-পূবৰ তিনি ৰাজ্য নাগালেণ্ড, মেঘালয় আৰু ছিকিমত এতিয়ালৈকে কোনো ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হোৱা নাই।

ভাৰতৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে মহাৰাষ্ট্ৰ। ৰাজ্যখনত ১৭৬১ গৰাকী ক’ভিড-১৯ ৰোগী চিনাক্ত হৈছে। মৃত্যু হৈছে ১২৭ গৰাকীৰ, আৰোগ্য হৈছে ২০৮ গৰাকী।

মহাৰাষ্ট্ৰৰ পিছতে আছে দিল্লী (১০৬৯ ৰোগী, ১৯ৰ মৃত্যু), তামিল নাডু (৯৬৯ ৰোগী, ১০ মৃত্যু) আৰু ৰাজস্থান (৭০০ ৰোগী, ৩জনৰ মৃত্যু)।

এসময়ত ক’ভিড আক্ৰান্তৰ শীৰ্ষত থকা কেৰালাই পৰিস্থিতি যথেষ্ট নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনত ৩৭৪ গৰাকী ৰোগী চিনাক্ত হৈছে, আৰোগ্য ১৪২ আৰু মৃত্যু হৈছে দুজনৰ।

বিশ্বজুৰি মাৰাত্মক কৰ’নাভাইৰাছে ১০৮,৮৬৫ গৰাকী লোকৰ প্ৰাণ লৈছে। আক্ৰান্তৰ সংখ্যাই ১.৮ নিযুত অতিক্ৰম কৰি গৈছে।

Related News