NORTHEAST NOW (Assamese)
অসম

ক’ভিড-১৯ত মৃত্যু ঘটিল ডিফু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 14, 2020 10:45 am
ক’ভিড-১৯ত মৃত্যু ঘটিল ডিফু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ

ৰাজ্যত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ সমান্তৰালকৈ মৃত্যু হোৱা লোকৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে।

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত আঠগৰাকী লোকৰ মৃত্যু হোৱাৰ পাছত আজি ৰাতিপুৱাই পুনৰ এজন লোক মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

ক’ভিডৰ ফলত আজি পুৱাই মৃত্যুবৰণ কৰা লোকজন হৈছে ডিফু গভৰমেণ্ট হায়াৰ ছেকেণ্ডাৰি বয়জ স্কুলৰ অধ্যক্ষ বেঞ্জামিন তেৰাং।

গুৱাহাটীৰ হায়াত হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে আজি তেওঁৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে।

যোৱা ১ আগষ্টত ক’ভিড-১৯ পজিটিভ পোৱাত তেৰাঙক লগে লগে ডিফু মেডিকেল কলেজৰ ক’ভিড-১৯ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু দুদিন পিছত শাৰিৰীক অৱস্থা জটিল হোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ হায়াত হাস্পতাললৈ স্থানান্তৰিত কৰা হয়।

উল্লেখ্য যে তেৰাঙৰ পত্নী নিবেদিতা দেৱী ৰংহাংপি আৰু পুত্ৰ চাইছিং তেৰাঙো ক’ৰ’নাত আক্ৰান্ত হৈ ডিফু ক’ভিড-১৯ হাস্পতালত চিকিৎসাধীন হৈ আছে।