NORTHEAST NOW (Assamese)

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ কাৰ্যালয়ৰ ১৩ গৰাকী লোক কোভিড১৯ত আক্ৰান্ত

June 2, 2020 7:17 pm · এন ই নাও নিউজ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ কাৰ্যালয়ৰ ১৩ গৰাকীকৈ লোকৰ শৰীৰত ধৰা পৰিছে কোভিড১৯ পজিটিভ।

মঙলবাৰে উপ ৰাজ্যপালৰ কাৰ্যালয়ৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

বাতৰি অনুসৰি কোভিড১৯ত আক্ৰান্ত কৰ্মচাৰীকেইজন উপ ৰাজ্যপালৰ কাৰ্যালয়ৰ সম্প্ৰসাৰিত শাখাত কৰ্মৰত।

উল্লেখ্য যে, কালি নীতি আয়োগৰ কাৰ্যালয়ৰ কৰ্মচাৰী শৰীৰতো তৃতীয়বাৰ বাবে কোভিড১৯ পজিটিভ পোৱা গৈছিল।

যোৱা সপ্তাহত বৈদেশিক মন্ত্ৰালয়ৰ বিষয়াৰ শৰীৰতো পোৱা গৈছিল কোভিড১৯।

আজি দিল্লীৰ উপ ৰাজ্যপালৰ কাৰ্যালয়ত কোভিড১৯ আক্ৰান্ত ধৰাৰ পৰাৰ লগে লগে দেশৰ ৰাজধানী চহৰখনত কোভিড১৯ত আক্ৰান্তৰ সংখ্যাই ২০,০০০ অতিক্ৰম কৰিলে।

মঙলবাৰে দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদ মেল সম্বোধন কৰি কয় যে প্ৰশাসনে কোভিড১৯ ৰোগীক সহায় কৰিবলৈ এটা এপ্লিকেশ্যন সৃষ্টি কৰিছে।

এই এপৰ দ্বাৰা ৰোগীয়ে কোভিড১৯ হাস্পতালৰ বিচনা ট্ৰেক কৰিব পাৰিব।

Related News