NORTHEAST NOW (Assamese)

প্ৰখ্যাত গায়ক এছ পি বালাসুব্ৰমনিয়মৰ স্বাস্থ্যৰ অৱস্থা জটিল

August 14, 2020 10:21 pm · এন ই নাও নিউজ

প্ৰখ্যাত গায়ক এছ পি বালাসুব্ৰমনিয়মৰ স্বাস্থ্যৰ অৱস্থা জটিল আৰু তেওঁ আই চি ইউত আছে।

কিছুদিন পূৰ্বে ক’ভিড১৯ পজিটিভ চিনাক্ত হোৱা গায়কজন চিকিৎসাধীন অৱস্থাত আছিল।

গায়কজন চিকিৎসাধীন হৈ থকা এম জি এম হেলথকেয়াৰৰ বিবৃতি মতে ১৩ আগষ্টৰ ৰাতি তেওঁৰ অৱস্থা বেয়াৰ ফাললৈ ঢাল খায়।

“১৩ আগষ্টৰ শেষ ৰাতি তেওঁৰ অৱস্থাৰ অৱনতি ঘটে আৰু তেওঁৰ যত্ন লৈ থকা বিশেষজ্ঞ চিকিৎসা গোটৰ পৰামৰ্শৰ ভিত্তিত তেওঁক আই চি ইউলৈ লৈ যোৱা হয় আৰু তেওঁ লাইফ চাপ’ৰ্টত আছে আৰু তেওঁৱ অৱস্থা জটিল হৈ আছে,” বিবৃতিত প্ৰকাশ।

গায়কজন বৰ্তমান ক্ৰিটিকেল কেয়াৰ বিশেষজ্ঞ গোটৰ নিৰীক্ষণত আছে আৰু তেওঁৰ স্বাস্থ্যৰ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে।

১৩ আগষ্টত এম জি এম হেলথকেয়াৰৰ বিবৃতিত গায়কজনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ আৰু তেওঁৰ অক্সিজেন স্তৰ স্বাভাৱিক বুলি প্ৰকাশ পাইছিল।

Related News