NORTHEAST NOW (Assamese)
Popular Stories

অসমত COVID-19 পজিটিভ ৰোগী বুধবাৰে ৰাতিলৈকে ১৬ জনলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 2, 2020 7:22 am
Coronavirus-750x375

যোৱা ২৪ ঘণ্টাত অসমত আৰু ৩ জন ক’ৰ’না ভাইৰাছত আক্ৰান্তক চিনাক্ত কৰা হৈছে।

ইয়াৰ  ফলত ৰাজ্যত ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পালে। উক্ত তিনিজন আক্ৰান্ত ব্যক্তি গোৱালপাৰা জিলাৰ।

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাতি নিজৰ টুইটাৰ একাউন্টত টুইট কৰি এই কথা ঘোষণা কৰিছে।

মন্ত্ৰী শৰ্মাই টুইটত উল্লেখ কৰিছে নতুনকৈ চিনাক্ত হোৱা তিনিওজন আক্ৰান্তই দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাত  অংশগ্ৰহণ কৰিছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ২৪ ঘন্টাৰ ভিতৰত অসমত আৰু ১৩ ক’ৰ’নাক্ৰান্তক চিনাক্ত কৰা হৈছিল।

ৰাতি ৯ মান বজাত স্বাস্থ্যমন্ত্ৰীয়ে টুইট কৰি প্ৰকাশ কৰা উক্ত আক্ৰান্ত আটাইকেইজনেই গোলাঘাট জিলাৰ। তেওঁলোক হ’ল– ৱাহিদা বেগম (দেৰগাওঁ), আনোৱাৰ হুছেইন (দেৰগাওঁ), আইদৰ আলি (মৰঙী), য়াকুব আলি (মেৰাপানী), জেচমিনা বেগম (মেৰাপানী), চালেহা বেগম (মেৰাপানী), এলিনা বেগম (মৰঙী) আৰু ৰুমা বেগম (মেৰাপানী)।

যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত পৰীক্ষাৰ পিছত তেওঁলোকক COVID-19 আক্ৰান্ত পোৱা গৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে আবেলি সংবাদমেলত সন্ধিয়ালৈ নতুন কিছু ৰোগী চিনাক্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল।

মঙলবাৰে কৰিমগঞ্জৰ ৫২ বছৰীয়া মঃ জামালুদ্দিন নামৰ ব্যক্তিজন অসমৰ প্ৰথম COVID-19 আক্ৰান্ত বুলি চিনাক্ত হৈছিল।

২৪ ঘণ্টাৰ ভিতৰতে নলবাৰীৰ মঃ আৰ্শ্বাদ আলি (১৯) আৰু জাগীৰোডৰ মঃ হজৰত আলি (৬০), মঃ নুৰুদ্দিন (৫৫) আৰু মঃ জোনাব আলি (৪৬) নামৰ চাৰিজন ৰোগী চিনাক্ত হৈছিল।

ইফালে দিল্লীতো অসমৰ চাৰিজন লোক COVID-19 পজিটিভৰূপে চিনাক্ত হৈছে আৰু তেওঁলোকৰ চিকিৎসা চলি আছে।

নিজামুদ্দিনৰ জামাতলৈ যোৱা লোককেইজন বাক্সা জিলাৰ নাক্সাৰ আলি (৭২) আৰু ফাহাৰুদ্দিন (৪৮), বৰপেটাৰ মুস্তাফা আহমেদ (৬০) আৰু নগাঁৱৰ মহম্মদ আলি (৬৫) বুলি চিনাক্ত কৰা হৈছে।

ইফালে দিল্লীত থকা অসমৰ ৪ জন লোকৰ শৰীৰত COVID-19 পজিটিভ পোৱা গৈছে। তেওঁলোক হৈছে ক্ৰমে বাক্সাৰ মহম্মদ ফাহাৰুদ্দিন, বৰপেটাৰ নছকাৰ আলী, নগাঁৱৰ  মহম্মদ আলী আৰি বাক্সাৰ মুস্তাফা আহমেদ।