NORTHEAST NOW (Assamese)

অসমত কোভিডৰ ভেকচিন দিয়া হ’ব সম্পূৰ্ণ বিনামূলীয়াকৈ, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বৰ ঘোষণা

October 23, 2020 5:24 pm · এন ই নাও নিউজ

ক’ৰ’ণাতংকই বিৰাজ কৰা অসমত কোভিডৰ ভেকচিন সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ’ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজি নগাঁৱত এই ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে দেশত কোভিডৰ ভেকচিন বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিছে।

অসমতো এই ভেকচিন বিনামূলীয়া হ’ব।

উল্লেখ্য অসমত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৯৬ গৰাকীলৈ বৃদ্ধি; আজি নতুনকৈ ৫০৮ গৰাকী ব্যক্তি প’জিটিভ অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত আজি পুনৰ ৭ গৰাকী লোকৰ মৃত্যু হয়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰাৰ লগতে মৃত্যু হোৱা ব্যক্তি কেইগৰাকীৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

আজি ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা ৭ গৰাকী ব্যক্তিৰ সৈতে অসমত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা মুঠ ব্যক্তিৰ সংখ্যা ৮৯৬ গৰাকীলৈ বদ্ধি পায়।

আজি প্ৰাণ হেৰুওৱা ব্যক্তি কেইগৰাকী হৈছে ক্ৰমে- লখিমপুৰৰ মাৰ্কোছ বাট্ৰা(৬০), তিনিচুকীয়াৰ উমা বৰা(৫৭), কামৰূপ মেট্ৰ’ৰ ধীৰেন্দ্ৰ কুমাৰ মিলি(৬৫),যোৰহাটৰ সুনিত বৰঠাকুৰ(৭০), গোলাঘাটৰ মোহেন দত্ত(৬২) আৰু ৰাতুল শৰ্মা(৬১), শোণিতপুৰৰ খগেন ডেকা(৬৯)।

আনহাতে, আজি ৰাজ্যত পুনৰ ৫০৮ গৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ৩৪৩৭৫ টা পৰীক্ষাৰ ভিতৰত ৫০৮ গৰাকী ব্যক্তি প’জিটিভ হয়।

অসমত বৰ্তমানলৈ মুঠ ২০৩২৮২ গৰাকী ব্যক্তি কোভিড সংক্ৰমিত হোৱাৰ বিপৰীতে ১৭৭৬৫৯ গৰাকী ব্যক্তি চিকিৎসাৰ অন্তত আৰোগ্য হৈ উঠিছে।

ৰাজ্যত বৰ্তমান ২৪৭২৪ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

Related News