NORTHEAST NOW (Assamese)

কোভিত-১৯ ধৰা পৰা শিৱসাগৰৰ যুৱকজন দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ

May 17, 2020 10:56 am · পাৰ্শ্বজ্যোতি গগৈ
ফটো নৰ্থ-ইষ্ট নাও

শনিবাৰে নিশা কোভিত-১৯ ধৰা পৰা শিৱসাগৰৰ যুৱকজনৰ ঘৰ জিলাখনৰ গেলেকীত।

১৯ বছৰীয়া যুৱকজনৰ নাম আব্দুল চেমিম বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে আব্দুল চেমিমে দিল্লী বিশ্ববিদ্যালয়ত অধ্যায়ণ  কৰি আছিল। যোৱা ১১ মে’ত তেওঁ অসমলৈ আহিছিল।

এখন ট্ৰেভেলাৰত দিল্লীৰ পৰা  আহিছিল যুৱকজন। তেওঁৰ সৈতে ট্ৰেভেলাৰখনত মুঠ আঠজন ব্যক্তি আহিছিল।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিশা ২.৩৩ বজাত টুইটাৰ যোগে শিৱসাগৰৰ যুৱকজনৰ দেহত কোভিড-১৯ ধৰা পৰাৰ কথা প্ৰকাশ কৰে।

যুৱকজনৰ লগতে আটাইকেইজন ব্যক্তিক যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ  কুৱাৰেন্টাইন চেন্টাৰত ৰখা হৈছিল।

যুৱকজনৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পিছতে তেওঁক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে অসমত এতিয়ালৈকে ৯৫ গৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছ। তাৰে ৫০ গৰাকী চিকিৎসাধীন আৰু ৪১ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

ইতিমধ্যে দুগৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছে। আক্ৰান্তসকলৰ দুজন প্ৰব্ৰজিত ব্যক্তি।

Related News