NORTHEAST NOW (Assamese)

যোৱা ২৪ ঘণ্টাত ৮০,৪৭২ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ১,১৭৯ গৰাকীৰ মৃত্যু

September 30, 2020 10:04 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

চীনৰ পৰা সংক্ৰমিত হোৱা মহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰ হ্ৰাস নোপোৱাৰ বাবে এতিয়া দেশবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ এই ভাইৰাছবিধৰ কৱলত পৰিছে।

দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত অৰ্থাৎ মঙলবাৰৰ পুৱা ৮ বজাৰ পৰা বুধবাৰৰ পুৱা ৮ বজালৈকে দেশত ৮০,৪৭২ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে।

দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা ৬২,২৫,৭৬৪ গৰাকীলৈ বৃদ্ধি পালে।

আনহাতে, এই মহামাৰী ভাইৰাছৰ ফলত যোৱা ২৪ ঘণ্টাত ১,১৭৯ গৰাকী লোকৰ মৃত্যু হৈছে।

এই পৰ্যন্ত দেশত মুঠ ৯৭,৪৯৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ মুঠ সংখ্যা হৈছে ৫১,৮৭,৮২৬ গৰাকী।

ইফালে মুঠ আক্ৰান্তৰ ভিতৰত ৯,৪০,৪৪১ গৰাকী ৰোগী বৰ্তমান সক্ৰিয় হৈ আছে। ইয়াৰে কিছু সংখ্যকৰ চিকিৎসা হাস্পতালত চলাৰ বিপৰীতে কিছু সংখ্যক ৰোগী সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে হোম আইছ’লেশ্যনত আছে।

Related News