NORTHEAST NOW (Assamese)
অসম

কোহলীৰ পিছত এইবাৰ শ্ৰেয়াছ আয়াৰক ১২ লাখ টকাৰ জৰিমনা আই পি এল কৰ্তৃপক্ষৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 30, 2020 11:04 am
কোহলীৰ পিছত এইবাৰ শ্ৰেয়াছ আয়াৰক ১২ লাখ টকাৰ জৰিমনা আই পি এল কৰ্তৃপক্ষৰ

মঙলবাৰে দিল্লী কেপিটেলছ আৰু কিংছ ইলেভেন পঞ্জাৱৰ মাজত অনুষ্ঠিত মেচখনত শ্ল’ অভাৰ ৰেটৰ বাবে শ্ৰেয়াছ আয়াৰক ১২ লাখ টকাৰ জৰিমনা বিহিছে।

দিল্লী দলে ২০ অভাৰ শেষ কৰিবলৈ নিৰ্ধাৰিত সময়তকৈ অধিক সময় লৈছিল আৰু সেই বাবেই আয়াৰক জৰিমনা বিহা হয়।

আই পি এল কৰ্তৃপক্ষই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দি কয় যে আই পি এলৰ নূন্যতম অভাৰ গতি উলংঘন কৰাৰ বাবে আয়াৰক ১২ লাখ টকা জৰিমনা বিহা হৈছে।

ইয়াৰ উপৰি দলে যদি এই ভুল পুনৰ কৰে তেন্তে অধিনায়কক এখন বা দুখন মেচৰ পৰা নিলম্বন কৰিব।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক বিৰাট কোহলীকো শ্ল’ অভাৰ ৰেটৰ বাবে ১২ লাখ টকাৰ জৰিমনা বিহিছিল।

চলিত আই পি এলৰ ছয় নম্বৰ মেচ অৰ্থাৎ বেংগালুৰু আৰু পঞ্জাৱৰ মাজত অনুষ্ঠিত মেচখনত অভাৰ ৰেট শ্ল’ হোৱা বাবে কোহলীক জৰিমনা বিহা হৈছিল।

ইফালে মঙলবাৰে অনুষ্ঠিত হৈ যোৱা মেচখনত হায়দৰাবাদে দিল্লী কেপিটেলছক পৰাস্ত কৰে।

মেচখনত হায়দৰাবাদে প্ৰথম বেট ধৰি অধিনায়ক ৱাৰ্ণাৰ, বেয়াৰষ্ট’ আৰু উইলিয়ামছনৰ সুন্দৰ বেটিঙৰ সহায়ত ১৬২ ৰান সংগ্ৰহ কৰে।

১৬৩ ৰানৰ লক্ষ্য পিছা কৰিবলৈ আহি দিল্লী দলে ৭ উইকেটৰ বিনিময়ত ১৪৭ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু মেচখন ১৫ ৰানত পৰাজয় বৰণ কৰে।