NORTHEAST NOW (Assamese)
অসম

ৰাজ্যজুৰি স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক’লাবেজ পৰিধান কৰি কোভিড যোদ্ধাৰ প্ৰতিবাদ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 15, 2020 4:23 pm
index.jpgaa

ৰাজ্যজুৰি স্বাস্থ্য বিভাগৰ বিৰুদ্ধে কোভিড যোদ্ধাই প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে।

ক’ৰ’না মহামাৰীয়ে ৰাজ্যজুৰি আতংকৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যৰ GNM ষ্টাফ নাৰ্ছৰ প্ৰতিবাদ।

সদৌ অসম নাৰ্ছ সন্থাৰ ষ্টাফ নাৰ্ছসকলে ৰাজ্য জুৰি ক’লা বেজ পৰিধান কৰি নিজৰ কৰ্তব্য পালন কৰি স্বাস্থ্য বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

অহা ১৭ জুলাই পৰ্যন্ত তেওঁলোকে এইদৰে প্ৰতিবাদ চলাই নিব।

ষ্টাফ নাৰ্ছসকলৰ মাজত বিভিন্ন পদৰ সৃষ্টি কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগে ষ্টাফ নাৰ্ছসকলক ধ্বংস কৰাৰ পৰিকল্পনা কৰাৰ অভিযোগ তেওঁলোকৰ।

পূৰ্বৰে পৰা ৰাজ্যৰ স্বাস্থ্য ও পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী আৰু বিষয়াসকলে ক্ষতি কৰি অহা বুলি গুৰুতৰ অভিযোগ নাৰ্ছ সন্থাৰ।

তেওঁলোকৰ দাবী মানি নল’লে ভৱিষ্যতে জংগী আন্দোলন কৰাৰো হুংকাৰ দিয়ে নাৰ্ছ সন্থাই।