NORTHEAST NOW (Assamese)
অসম

ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে দেশত ক’ৰ’ণা সংক্ৰমণৰ ছবি খন, এদিনতে আক্ৰান্ত হ’ল কিমান?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 11, 2021 11:55 am
PETUGAS RAWAT PESAKIT COVID-19

দিন বাগৰাৰ লগে লগে দেশত ক’ৰ’ণা সংক্ৰমণৰ ছবি খন অধিক ভয়াৱহ হৈ পৰিছে।

দেশত কৰ’নাৰ মহা সংহাৰ অপ্ৰতিৰোধ্য গতিত চলিয়েই আছে।

দিল্লীৰ লগতে কেইবা খনো ৰাজ্যত ক’ৰ’ণাৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে বন্ধ কৰি দিয়া হৈছে বিদ্যালয়কে ধৰি আন শৈক্ষিক প্ৰতিষ্ঠান সমূহ।

বিগত  ২৪ ঘণ্টাত দেশত কোভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ ১ লাখ ৫২ হাজাৰ ৮৭৯ গৰাকী।

ইমানৰ পিছতো কেন্দ্ৰীয় চৰকাৰে দেশত পুনৰ খৰখেদাকৈ সম্পূৰ্ণ লকডাউন দিয়াৰ কথা চিন্ত কৰা নাই।

চৰকাৰৰ এগৰাকী মুখপাত্ৰই তেনেই ইংগিতেই দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউনৰ সলনি ক’ৰ’ণাৰ সংহাৰ বৃদ্ধি পোৱা অঞ্চলত কণ্টেইমেণ্ট জ’নৰ সংখ্যা বৃদ্ধিতহে গুৰুত্ব দিছে।

দেওবাৰে পুৱাই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে দাঙি ধৰা তথ্য অনুসৰি, যোৱা বিগত  ২৪ ঘণ্টাত দেশত কোভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ ১ লাখ ৫২ হাজাৰ ৮৭৯ গৰাকী।

এই সংখ্যা পূৰ্বৰ দিৰ তুলনাত ১৪ হাজাৰ অধিক।

এতিয়ালৈকে দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ১ কোটি ৩৩ লাখ ৫৮ হাজাৰ ৮০৫ গৰাকী

লোক।সেইদৰে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত মুঠ মৃত্যুৰ সংখ্যা হৈছেগৈ ১ লাখ ৬৯ হাজাৰ ২৭৫ গৰাকী।

যোৱা ২৪ ঘন্টাত দেশত ৮৩৯ গৰাকী লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে।

আনহাতে, বিগত ২৪ ঘন্টাত দেশত ৯০ হাজাৰ ৫৮৪ গৰাকী লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে। সেইদৰে, দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছেগৈ ১১ লাখ ০৮ হাজাৰ ০৮৭ গৰাকী।

দেশত এতিয়ালৈকে মুঠ ১ কোটি ২০ লাখ ৮১ হাজাৰ ৪৪৩ গৰাকী লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

ইপিনে, দেশত এতিয়ালৈকে মুঠ ১০ কোটি,১৫ লাখ ৯৫ হাজাৰ ১৪৭ গৰাকী লোকে ভেকচিন লাভ কৰিছে।