NORTHEAST NOW (Assamese)
Popular Stories

কি যে হ’ব! Google Maps চাই বেলেগ যুৱতীৰ ঘৰত সোমাল দৰাযাত্ৰী; তাৰপাছত…

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 11, 2021 11:59 am
Screenshot-2021-04-10-at-12.03.05-PM-1

আজিকালি অচিনাকি ঠাই বিচাৰি উলিয়াবলৈ প্ৰায়েই গুগল মেপৰ সহায় লোৱাটো সাধাৰণ কথা। কিন্তু গুগল মেপে যে কেতিয়াবা বেমেজালিৰো সৃষ্টি কৰিব পাৰে এই ঘটনাটোৱেই তাৰ প্ৰমান।

ঘটনাটো ইণ্ডোনেছিয়াৰ। বিয়া কৰাবলৈ যোৱাৰ সময়ত কইনাৰ ঘৰ বিচাৰি উলিয়াবলৈ গুগল মেপৰ সহায় লৈছিল দৰাযাত্ৰীয়ে। কিন্তু সেয়াই ঘটালে বিপদ।

কিয়নো ভুলতে কইনাৰ ঘৰলৈ যোৱাৰ সলনি আন এগৰাকী যুৱতীৰ ঘৰত সোমালগৈ দৰাযাত্ৰী। তাত উপহাৰ দিয়া-লোৱা পৰ্বও আৰম্ভ হৈছিল। অৱশেষত অৱশ্যে ঘটনা আৰু আগনাবাঢ়িল।

এই ঘটনাই ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰে।

বাতৰি অনুসৰি, দেশখনৰ এখন গাওঁত একেলগে দুজনী যুৱতীৰ বিবাহৰ অনুষ্ঠানৰ আয়োজন হৈছিল। ইয়াৰে ভিতৰত এজনীৰ বিয়া আছিল আৰু আনজনীৰ আছিল জোৰণ।

উক্ত দৰাযাত্ৰীয়ে বিয়ালৈ যোৱাৰ সময়ত গুগল মেপৰ ভুলতেই গৈ জোৰণ হ’বলগীয়া যুৱতীগৰাকীৰ ঘৰত সোমাল। তেতিয়ালৈকে কোনেও ভুলতো ধৰিব পৰা নাছিল। দুয়োপক্ষৰ মাজত আনকি উপহাৰ আদান প্ৰদানো ঘটে।

অলপ পাছতে দৰাঘৰৰ এজনে ভুলতো বুজিব পাৰে। তাৰপাছতে কথাটো ফাদিল হৈ পৰে। উপায়হীন দৰাপক্ষই অৱশেষত ক্ষমা বিচাৰি তাৰপৰা ওলাই যায়।

দৰাযাত্ৰী সোমাই অহা এই ঘটনাত জোৰণৰ বাবে সাজু হৈ থকা যুৱতীগৰাকী হতভম্ব হৈ পৰে।

যুৱতীগৰাকীয়ে এক সাক্ষাৎকাৰত কয়,’’জোৰণৰ বাবে মই তেতিয়া মেক আপ কৰাত ব্যস্ত আছিলো। তেতিয়াই দৰাযাত্ৰীৰ দলটো সোমাই আহে। মই তেওঁলোকক দেখা নাছিলো। আমাৰ পৰিয়ালে তেওঁলোকক আদৰণি জনায়। উপগহাৰ দিয়া-লোৱা পৰ্বও আৰম্ভ হয়। পাছত সকলোৰে ভুল ভাগে। গুগল মেপ ব্যৱহাৰ কৰাৰ বাবে ভুলতো হোৱা বুলি তেওঁলোকে জানিবলৈ দিয়ে।‘’

পাছত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকেই দৰাযাত্ৰীক নিৰ্দিষ্ট গন্তব্য স্থান পোৱাত সহায় আগবঢ়ায়।