NORTHEAST NOW (Assamese)

তেজপুৰত এগৰাকী কোভিড-১৯ আক্ৰান্তৰ মৃত্যু; দিনটোত মৃতকৰ সংখ্যা ৫ গৰাকীলৈ বৃদ্ধি

July 8, 2020 1:06 pm · কল্পজ্য়োতি শইকীয়া
প্ৰতিনিধিত্বমূলক ফটো।

কিছুসময় পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চাৰি গৰাকী কোভিড-১৯ আক্ৰান্তৰ মৃত্যু হোৱাৰ পাছত পুনৰ এগৰাকী লোকে কোভিড-১৯ৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

কিছুসময় পূৰ্বে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পাতালত মৃত্যু হোৱা লোক গৰাকীৰ নাম জিতেন্দ্ৰ প্ৰসাদ(৩০)।

জিতেন্দ্ৰ প্ৰসাদ ওদালগুৰি জিলাৰ মাজবাটৰ বাসিন্দা আছিল।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিতেন্দ্ৰ প্ৰসাদৰ মৃত্যুৰ কথা টুইটাৰযোগে প্ৰকাশ কৰি মৃত্যু হোৱা প্ৰাসদ চেপ্তিমেকিয়াৰ লগতে অন্যান্য ৰোগতো ভূগি আছিল বুলি উল্লেখ কৰে।

আজিৰ দিনটোত এতিয়ালৈ মুঠ পাঁচ গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতালত মৃত্যু হোৱা কোভিড-১৯ আক্ৰান্ত লোক কেইগৰাকী আছিল ক্ৰমে- গুৱাহাটীৰ হিদয়তপুৰৰ চফিকুল ৰহমান (৬০), বৰপেটাৰ পাটাছাৰকুছিৰ ৰুণুমী মজুমদাৰ (৬০), কাহিলীপাৰাৰ উৎপল কুমাৰ চহিলা (৭৫) আৰু লালগনেশৰ হৰি প্ৰসাদ মণ্ডল (৬৮)।

মঙলবাৰৰ দিনটোতো ৰাজ্যত দুগৰাকী লোকে ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰাণ হেৰুৱাইছিল।

ইয়াৰ ফলত ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২১ গৰাকীলৈ বৃদ্ধি পালে।

Related News