NORTHEAST NOW (Assamese)

দেশত অহা ছয় মাহৰ ভিতৰত শিশুৰ বাবে উপলব্ধ হ’ব ভেকচিন

December 15, 2021 8:07 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 15, 2021 9:47 am

সমগ্ৰ দেশজুৰি বিদ্যালয়সমূহ পুনৰ মুকলি কৰি দিয়াৰ লগে লগে ক’ভিদৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি শিশুৰ বাবে ভেকচিনৰ প্ৰয়োজনীয়তা আহি পৰিছে।

কভিশ্বিল্ড নিৰ্মাতা চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (SII)ৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাই মঙলবাৰে জানিবলৈ দিয়ে যে SII -এ অহা ছয় মাহৰ ভিতৰত ১৮ বছৰ তলৰ শিশুৰ বাবে ভেকচিন মুকলি কৰাৰ পৰিকল্পনা কৰিছে।

এক ভাৰ্চুৱেল সন্মিলনৰ সময়ত ২৭ তম CII অংশীদাৰী সন্মিলন ২০২১-ত পুনাৱালাই ভেকচিন কভোভাক্সৰ পৰীক্ষণ চলি আছে বুলি জানিবলৈ দিয়ে।

“আমি ছয় মাহৰ ভিতৰত শিশুসকলৰ বাবে ভেকচিন আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছো। এই মুহূৰ্তত ১৮ বছৰ তলৰ শিশুৰ ক্ষেত্ৰত কভিশ্বিল্ডৰ পৰামৰ্শ বা অনুমোদন দিয়া নহয় সেয়েহে কভোভাক্সৰ পৰীক্ষণ চলি আছে আৰু ৩ বছৰ বয়সলৈকে উৎকৃষ্ট তথ্য প্ৰদৰ্শন কৰিছে।” তেওঁ কয়।

ভাৰতত দুটা কোম্পানীক শিশুৰ ভেকচিনৰ বাবে অনুজ্ঞাপত্ৰ দিয়া হৈছে বুলি উল্লেখ কৰি পুনাৱালাই কয় যে অভিভাৱক সকলে নিজ সন্তানক টিকাকৰণ কৰাব লাগে। এই ভেকছিনবোৰ সুৰক্ষিত আৰু কাৰ্যকৰী বুলি প্ৰমাণিত হৈছে আৰু ইয়াৰ পৰা কোনো ক্ষতি নাই বুলি তেওঁ মন্তব্য কৰে।

“যদি আপুনি অনুভৱ কৰে যে আপুনি আপোনাৰ সন্তানক টিকাকৰণ কৰিব বিচাৰে, সেই বিষয়ে চৰকাৰী ঘোষণাৰ বাবে অপেক্ষা কৰক। আমাৰ ভেকচিন কভোভাক্স ছয় মাহৰ ভিতৰত শিশুৰ বাবে মুকলি কৰা হ’ব।”— পুনৱালাই লগতে কয়।

Related News