NORTHEAST NOW (Assamese)

ৰাজ্যত আজি কিমান আক্ৰান্ত হ’ল ক’ভিডত? মাৰাত্মক ভাইৰাছত প্ৰাণ হেৰুৱালে কিমান জনে?

July 30, 2021 8:44 pm · এন ই নাও নিউজ

ৰাজ্যত ক’ভিড পজিটিভিটিৰ হাৰ আজিও ১ শতাংশৰ ওপৰতে আছে।অৱশ্যে আক্ৰান্ত লোকৰ সংখ্যা কালিৰ তুলনাত কমিছে। মৃত্যুৰ সংখ্যাও কালিৰ তুলনাত আজি কমিছে।

কালি ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল ১২৯৯ গৰাকী লোক। আজি
বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১১৭৯ গৰাকী লোক। আজি ৰাজ্যখনত মুঠতে ১,১২,১৩২ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ২০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ১৪৪ গৰাকী লোক ।

ক’ভিড পজিটিভিটিৰ হাৰ হৈছে ১.০৫ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৬.৬৩ শতাংশ।


ৰাজ্যখনৰ সামগ্ৰিক ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন এছঅ’পি জাৰি হৈ আছে।

নতুন এছঅ’পি অনুসৰি গোলাঘাট আৰু লখিমপুৰত ২৪ ঘণ্টাই বাহাল আছে সম্পূৰ্ণ কাৰ্ফিউ।

আনহাতে, যোৰহাট, শোণিতপুৰ আৰু বিশ্বনাথত শিথিল কৰা হৈছে কাৰ্ফিউ।

যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, গোৱালপাৰা আৰু মৰিগাঁৱত দিনৰ ২ বজাৰ পৰা জাৰি কৰা হৈছে কাৰ্ফিউ।

তদুপৰি, পূৰ্বৰ দৰেই বন্ধ আছে আন্তঃজিলা যাতায়াত।

গুৱাহাটী মহানগৰকে আদি কৰি ২৫ খন জিলাত পূৰ্বৰ এছঅ’পিৰ নীতি-নিয়মসমূহে বাহাল আছে।
ৰাজ্যৰ বিদ্যালয়সমূহ ১ ছেপ্তেম্বৰৰ পৰা খোলাৰ ইংগিত দিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

Related News