NORTHEAST NOW (Assamese)

বঙাইগাঁও জিলাত নতুনকৈ ১৮ জন ব্যক্তি ক’ভিডত আক্ৰান্ত

July 9, 2021 9:31 pm · প্ৰণৱ কুমাৰ ডেকা
প্ৰতিনিধিত্বমূলক ফটো।

বঙাইগাঁও জিলাত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত আছে ৷

জিলাখনত শুকুৰবাৰৰ দিনটোত নতুনকৈ পুনৰ ১৮ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে ৷

আনহাতে সুস্থ হৈ উঠিছে ৩৫ জনকৈ ৰোগী ৷

জিলাখনত নতুনকৈ ১৮ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা ১৬৭ জন আছে৷
ইয়াৰ ভিতৰত ১১৮ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৪৯ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷

জিলাখনত  শুকুৰবাৰে মুঠ ৩,৮২৭ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷

জিলাখনত ১ মাৰ্চৰ পৰা ৯ জুলাই লৈ  মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,১২২ জন হৈছে ৷

Related News