NORTHEAST NOW (Assamese)
অসম

প্ৰহসনত পৰিণত দূৰ্গাগাঁও পানী যোগান আঁচনি, বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত ৰাইজ

Posted by: চাজিদ খান Updated by: চাজিদ খান July 9, 2021 9:04 pm
Assam-Legislative-Assembly

পানীয়েই প্ৰাণীৰ প্ৰাণ ।

যি সময়ত মানুহে সু-স্বাস্থ্যৰ বাবে বিভিন্ন ধৰণৰ পৰিশোধিত তথা মিনাৰেল ৱাটাৰ খাই আহিছে তেনে সময়তে কলাই গাঁৱৰ নিকটৱৰ্তী দূৰ্গাগাঁও অঞ্চলৰ ৰাইজে আইৰণযুক্ত দমকলৰ পানী, কুঁৱাৰ পানী , পুখুৰীৰ দূষিত পানী সেৱন কৰি আহিছে ।

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মংগলদৈ সংমণ্ডলৰ অধীনত থকা দূৰ্গাগাঁও পানী যোগান আঁচনি বিগত ২০ বছৰে বিকল হৈ আছে ।

যাৰ পৰিণতিত অঞ্চলটোৰ ৰাইজ এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে ।

ৰাইজে দমকলৰ আইৰণযুক্ত পানী খাই , পুখুৰীত গা ধুই বিভিন্ন ধৰণৰ অচিন ৰোগত আক্ৰান্ত হৈছে ।

স্হানীয় ৰাইজে অসমৰ মুখ্যমন্ত্ৰীলৈ তথা চৰকাৰখনলৈ এটাই আহ্বান জনাইছে যাতে যিকোনো প্ৰকাৰে ক্ষিপ্ৰতাৰে পানী যোগান আঁচনি খন সুচল কৰি অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া খোৱাপানীৰ সমস্যাটো সমাধান কৰে।