NORTHEAST NOW (Assamese)

ৰাজ্যত বৃহস্পতিবাৰে কোভিডে কাঢ়িলে কিমানৰ প্ৰাণ, কিমান আক্ৰান্ত?

June 10, 2021 9:09 pm · এন ই নাও নিউজ
Updated: June 10, 2021 10:01 pm

কোভিড পৰিস্থিতিৰ উন্নতিৰ লগে লগে ৰাজ্যত এতিয়া কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যাও কমি আহিছে।
একেদৰে হ্ৰাস পাই আহিছে পজিটিভিটিৰ হাৰ ।

ৰাজ্যত আজিও কোভিড পজিটিভিটিৰ হাৰ চাৰি শতাংশতকৈ কম হৈছে।

আজিৰ দিনটোতে কোভিডে কাঢ়ি নিছে ৫১ গৰাকী লোকৰ প্ৰাণ ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৩৭৫৬ গৰাকী লোক ।
আজি ১,২২,৩১৩ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হয় ।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ৩২৩ গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ৩.০৭ শতাংশ ।

এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৮৮.৩৯ শতাংশ ।

অসমত শেহতীয়াকৈ ক’ভিড পজিটিভিটিৰ হাৰ ধাৰাবাহিক ভাবে ৪ শতাংশৰ কম হোৱালৈ চাই ক’ভিড পৰিস্থিতিৰ ভালে খিনি উন্নতি ঘটা বুলি ধাৰণা কৰিব পাৰি।

Related News