NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত শুকুৰবাৰে কিমান লোক ক’ভিডত আক্ৰান্ত হ’ল; মৃত্যুৰ সংখ্যা কিমান?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 2, 2021 9:55 pm
Covid19-and-Media-750x375

ৰাজ্যত ক’ভিড সংক্ৰমণৰ ঘটনা যোৱা কেইদিনৰ দৰে আজিও প্ৰায় একেই আছে। অৱশ্যে, কোভিড পজিটিভিটিৰ হাৰ আজি ২ শতাংশৰ তলত নামিছে।

পজিটিভিটিৰ হাৰ পূৰ্বৰ দিনৰ তুলনাত আজি হ্ৰাস পোৱাত সংক্ৰমণৰ দিশত পুনৰ সকাহ দেখা পোৱা গৈছে।

আজিৰ দিনটোত ৰাজ্যখনত কোভিডত ২৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।


বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ২৪৫৩ গৰাকী লোক। এই সময়ছোৱাত ১,৫৩,৯৮১ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৮৬ গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ১.৫৯ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৪.১৯ শতাংশ।

ৰাজ্যখনত ক’ভিড সুস্থতাৰ হাৰ বৃদ্ধি পোৱালৈ চাই ক’ভিড পৰিস্থিতি এতিয়া বহুখিনি উদ্বেগমুক্ত বুলি ক’ব পাৰি।