NORTHEAST NOW (Assamese)

গুৱাহাটী প্ৰেছ ক্লাবত ৫ আগষ্টৰ পৰা ক’ভিশ্বিল্ডৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ শিবিৰ

August 4, 2021 7:25 pm · এন ই নাও নিউজ
Updated: August 4, 2021 7:29 pm

অহা ৫ আগষ্টৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত ক’ভিড ভেকচিন ক’ভিশ্বিল্ডৰ দ্বিতীয় পালি প্ৰতিষেধকৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব শিবিৰ।

গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায় স্বাক্ষৰিত এক বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে।

গুৱাহাটী প্ৰেছ ক্লাবত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা সদস্য সকলে ল’ব পাৰিব দ্বিতীয়পালি প্ৰতিষেধক।

প্ৰথম পৰ্যায়ত ৬দিনৰ বাবে অনুষ্ঠিত হ’ব এই প্ৰতিষেধক শিবিৰ। পূৰ্বে কোনো পঞ্জীয়নৰ ব্যৱস্থা নহ’ব। প্ৰথমে অহা ব্যক্তিয়ে পাব প্ৰথম অগ্ৰাধিকাৰ।

প্ৰতিষেধক ল’বলৈ অহা সতীৰ্থ সকলে নিৰ্ধাৰিত দিনটোত পুৱা ১০.৩০ বজাৰ পূৰ্বে নিজৰ নাম সমূহ গুৱাহাটী প্ৰেছ ক্লাব চৌহদত পঞ্জীয়ন কৰিব লাগিব।

পঞ্জীয়নৰ সময় পুৱা ৯.১৫ বজাৰ পৰা ১০.৩০ বজা। তাৰ পিছত অহাসকলৰ পঞ্জীয়ন কৰা নহব।যিহেতু পঞ্জীয়ন পুৱা ৯.১৫ বজাৰ পৰা আৰম্ভ হব সেয়ে প্ৰতিষেধক ৯.৩০ বজাৰ পৰা ১২.৩০ বজালৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

সকলোকে নিজ প্ৰতিষ্ঠানৰ পৰিচয় পত্ৰ লগত আনিবলৈ অনুৰোধ জনাইছে প্ৰেছ ক্লাবৰ সভাপতি,সম্পাদকে।

Related News