NORTHEAST NOW (Assamese)
অসম

দেশবাসীয়ে বিনামূলীয়াকৈ লাভ কৰিব কোভিড-১৯ৰ প্ৰতিষেধক, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 2, 2021 12:58 pm

সমগ্ৰ দেশবাসীয়ে বিনামূলীয়াকৈ কোভিড-১৯ৰ প্ৰতিষেধক লাভ কৰিব বুলি আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডা০ হৰ্ষবৰ্দ্ধনে গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

আজিৰে পৰা দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কোভিড-১৯ প্ৰতিষেধকৰ ড্ৰাই ৰান আৰম্ভ হৈছে।

‘‘মই দেশৰ প্ৰতিগৰাকী নাগৰিকক প্ৰতিষেধকৰ সুৰক্ষা সন্দৰ্ভত ভূৱ অপপ্ৰচাৰত ভোল নাযাবলৈ আহ্বান জনাইছো,’’ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দেশত বিনামূলীয়াকৈ কোভিডৰ প্ৰতিষেধক বিতৰণ কৰা হ’ব বুলি ঘোষণা কৰাৰ পাছত এইদৰে কয়।

উল্লেখযোগ্য যে, অক্সফোৰ্ড আৰু চেৰাম ইষ্টিটিউটৰ কোভিড-১৯ৰ প্ৰতিষেধক কোভিশ্বিল্ডক ভাৰতত জৰুৰীকালীন প্ৰয়োগৰ অনুমতি প্ৰদান কৰা হৈছে।

জানুৱাৰি মাহৰ ১৫ তাৰিখৰ ভিতৰত দেশত বিনামূলীয়াকৈ কোভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ৰাজ্যত প্ৰথমতে চিকিৎসক আৰু নাৰ্চ সকলক কোভিডৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে।

২০২০ বৰ্ষত কোভিডৰ সংক্ৰমণে সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিলেও নতুন বছৰত ইয়াৰ প্ৰতিষেধক প্ৰস্তুত হৈ উঠাত বিশ্ববাসীয়ে কিছুপৰিমাণে সকাহ লাভ কৰিবলৈ সক্ষম হৈছে।