NORTHEAST NOW (Assamese)
অসম

অসমত ১৫৮৬ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ৩৩,০৪৭

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 6, 2020 11:19 pm
Covid19: 1586 persons discharged in Assam on Tuesday

১৫৮৬গৰাকী ব্যক্তিয়ে মঙলবাৰে অসমত ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

এইসকলক ধৰি অসমত এতিয়ালৈকে মুঠ ১,৫৫,০৭৪গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩৩,০৪৭(।)

আনহাতে ১১৮৪গৰাকী ব্যক্তি মঙলবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা ২৪ ঘণ্টাত ৩১,৭৮০টা ক’ভিড টেষ্টত এইসকলক পজিটিভ পোৱা গৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৩.৭৩ শতাংশ।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ২৭০ আৰু যোৰহাটৰ ১০৩গৰাকী ব্যক্তি।

নতুনকৈ পজিটিভসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৮৮,৯০২লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ১৮গৰাকী ক’ভিড১৯ ৰোগীয়ে মঙলবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৭৭৮লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।