NORTHEAST NOW (Assamese)
অসম

ৰাফেল ইছ্যু : কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত হাফলঙত প্ৰতিবাদী সমদল

Posted by: পংকজকুমাৰ দেব December 20, 2018 6:36 pm
15979b45-8748-425a-a936-326d352b9247

ৰাফেল বিষয়ক লৈ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ অপসাৰণৰ দাবী জনালে বিজেপি দলে। আজি হাফলঙত ডিমা হাছও জিলা বিজেপিৰ উদ্যোগত এক প্ৰতিবাদী সমদল ওলাই বিজেপি নেতাকৰ্মী সকলেহাফলঙৰ ৰাজপথ কঁপাই তোলে।

প্ৰতিবাদীসকলে ডিমা হাচাও জিলাৰ জিলা উপায়ুক্তৰ যোগেদি দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ লৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদী সমদলত যোগ দান কৰি হাফলঙৰ বিজেপি বিধায়ক বীৰভদ্ৰ হাগজেৰ আৰু জিলা বিজেপি সভাপতি নিপোলাল হোজায়ে কংগ্ৰেছ দলৰ তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে গণতন্ত্ৰক ভুল পথেৰে পৰিচালিত কৰি সাধাৰণ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে।

হাফলঙৰ বিজেপি বিধায়ক বীৰভদ্ৰ হাগজেৰে কয় ‘ ৰাফেল যুদ্ধ বিমান ক্ৰয় বিষয়ক লৈ যোৱা ১৪ ডিচেম্বৰ তাৰিখে উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ সভাপতি গান্ধীয়ে উত্থাপিত বিভিন্ন অভিযোগ নস্যাৎ কৰিছে। কিন্তু কংগ্ৰেছ সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে ৰাইজৰ মাজত একেখন বিষয়ৰ ভুল তথ্য দাঙি ধৰি দেশ জুৰি বিশৃংখল পৰিবেশ সৃষ্টি কৰিবলৈ চেষ্টা চলাই আছিল। সেই কাৰণে অনতি পলমে তেওঁৰ জন প্ৰতিনিধি পদ খাৰিজ কৰাৰ দাবিী উত্থাপন কৰে। প্ৰকৃততে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ইমান দিন যে ৰাইজক মিছা তথ্যৰ যোগেদি বিভ্ৰান্ত কৰি আহিছে উচ্চতম ন্যায়ালয়ৰ ৰায়ে এয়া প্ৰমাণ কৰিছে।