NORTHEAST NOW (Assamese)
অসম

কৰোনাতংক : আজিৰে পৰা অসমত নৈশ সান্ধ্য আইন বলৱৎ; কি কি সেৱাক দিয়া হৈছে ৰেহাই?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 27, 2021 3:10 pm
night-cuirfew-750x375

কৰোনাৰ ক্ৰমৰ্বধমান সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত মংগলবাৰৰ পৰা নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে।

আজিৰে পৰা কাৰ্যকৰী হ’বলগীয়া এই সান্ধ্য আইন সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈকে বলৱৎ থাকিব।

অসমৰ মুখ্য সচিব যিঞ্চু বৰুৱাৰ স্বাক্ষৰিত মংগলবাৰে জাৰি কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে কিছুমান জৰুৰীকালীন সেৱাক ৰেহাই দি অসমত ২৭ এপ্ৰিলৰ পৰা অহা ১ মে’ পৰ্যন্ত নৈশ সান্ধ্য আইন বলৱৎ হৈ থাকিব।

দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ ধাৰা ২২(২)(এইচ)ৰ অধীনত ৰাজ্যখনত বলৱৎ কৰা সান্ধ্য আইনৰ সময়ছোৱাত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, ৰাজহুৱা জৰুৰী সেৱা অৰ্থাৎ স্বাস্থ্য, আৰক্ষী, গৃহকৰ্মী, সামিজক সুৰক্ষা, অগ্নি আৰু জৰুৰী সেৱা, খোৱা পানী সেৱা, জিলা  প্ৰশাসন, ৰাজহুৱা পৰিবহন, কোষাগাৰ কাৰ্যালয় আদিক ৰেহাই দিয়া হৈছে।

ইফালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বৈধ পৰিচয় থকা লোকে সেৱা আগবঢ়াব পাৰিব।

ন্যায়িক তথা আদালতৰ বিষয়া-কৰ্মচাৰী, স্বাস্থ্য সেৱাৰ সকলো ধৰণৰ স্বাস্থ্য কৰ্মী, সংবাদ মাধ্যমৰ কৰ্মীসকলকো ৰেহাই দিয়া হৈছে। অৱশ্যে তেওঁলোকেও কৰ্তৃপক্ষই প্ৰদান কৰা বৈধ পৰিচয় পত্ৰ লগত লৈ থকাতো বাধ্যতামূলক কৰা হৈছে।

গৰ্ভৱতী মহিলা আৰু ৰোগীকো সান্ধ্য আইনৰ এক্তিয়াৰ বাহিৰত ৰখা হৈছে।

আন্তঃৰাজ্যিক পৰিবহনো অব্যাহত থাকিব বুলি কোৱা হৈছে।

পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত অহা ১ মে’লৈকে এই নিৰ্দেশনা ৰাজ্যত বলৱৎ হৈ থাকিব বুলি কোৱা হৈছে জাননীখনত।