NORTHEAST NOW (Assamese)

কোভিডৰ বিৰুদ্ধে ‘হাৰ্ড ইমিউনিটি’ লাভ কৰা নাই দেশবাসীয়ে, আক্ৰান্ত ৬০ লক্ষাধিক

September 28, 2020 11:52 am · এন ই নাও নিউজ
Updated: September 28, 2020 11:54 am

ভাৰতত এতিয়া নিতৌ কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ভয়াৱহ ভাবে বৃদ্ধি পাইছে।

ইয়াৰ মাজতো কেৱল হাৰ্ড ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত অধিক শক্তিশালী হ’লে কোভিডৰ সংক্ৰমণ ভালেখিনি কম হ’লহেঁতেন যদিও সেই শক্তি লাভ কৰা নাই ভাৰতীয় লোকে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনেও ভাৰতীয় লোকে হাৰ্ড ইমিউনিটি লাভ কৰিবলৈ এতিয়াও বহু বাকী আছে বুলি স্বীকাৰ কৰিছে। তথাপি  দেশত ক’ৰ’ণা জয় কৰিবলৈ সক্ষম হৈছে বহু লোকে।

দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৮২,১৭০ গৰাকী লোক।

সমগ্ৰ ভাৰতত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৬০ লাখৰ ঘৰ।

ক’ৰ’ণাৰ সংক্ৰমণৰ ক্ষেত্ৰত এতিয়াও প্ৰথম স্থানত আছে আমেৰিকা।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত  ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৬০,৭৪,৭০৩ গৰাকী। এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৯,৬২,৬৪০ গৰাকী।

এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৯৫,৫৪২ গৰাকী লোকৰ।

একেদৰে কোভিডত আক্ৰান্ত হোৱা ৫,০১,৬৫২১ গৰাকী লোকে ইতিমধ্যে এই ৰোগৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে।

বিশ্বৰ বহু দেশৰ তুলনাত ভাৰতীয় লোকৰ ৰোগৰ সৈতে যুঁজ দিয়াৰ শক্তি কম হোৱা বাবেই দেশত কোভিডৰ পৰা মুক্ত লোকৰ সংখ্যা বৃদ্ধি পালেও আক্ৰান্তৰ সংখ্যাও বাঢ়ি গৈছে।

Related News