NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰী পীযূষ হাজৰিকাৰ কমিউনিষ্ট সম্পৰ্কীয় মন্তব্য অসত্য আৰু কুৰুচিপূৰ্ণ: চিপিআই(এম)

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2025 8:02 pm

অসমৰ জলসম্পদ মন্ত্ৰী পীযূষ  হাজৰিকাই ২ মে’ত কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ বিহদিয়া জাঁজীকোণা জিলা পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত কমিউনিষ্ট পাৰ্টিৰ বিৰুদ্ধে মিথ্যা আৰু কুৰুচিকৰ মন্তব্য কৰাৰ তীব্ৰ নিন্দা জনাইছে চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে। এখন নিৰ্বাচনী সভাত ভাষণ দি মন্ত্ৰী হাজৰিকাই কমিউনিষ্ট পাৰ্টিক ‘চোৰ-ডকাইত, গুণ্ডাবাহিনীৰ দল’ বুলি আখ্যা দি কুৎসিত মন্তব্য কৰিছিল। চিপিআই(এম)য়ে কয় যে এনে মিথ্যাচাৰ আৰু অভব্য আচৰণ কেৱল বিজেপিৰ মন্ত্ৰী-বিধায়কসকলৰ পৰাই সম্ভৱ। দলটোৱে মন্ত্ৰীৰ এই মন্তব্যক তেওঁৰ ৰাজনৈতিক অপসংস্কৃতি আৰু চিন্তাৰ দাৰিদ্ৰ্যৰ প্ৰমাণ বুলি কটাক্ষ কৰিছে।

চিপিআই(এম)ৰ মতে, কমিউনিষ্টসকলে সমাজৰ শোষণ-লুণ্ঠনৰ বিৰুদ্ধে সংগ্ৰাম কৰি দুখীয়া আৰু শ্ৰমজীৱী জনতাৰ মুক্তিৰ বাবে কাম কৰে। তেওঁলোকে বিজ্ঞানসন্মত আদৰ্শৰ ভিত্তিত সমাজ ৰূপান্তৰ আৰু প্ৰগতিৰ সংগ্ৰামত নিয়োজিত। কমিউনিষ্ট পাৰ্টিৰ আদৰ্শবোধ, নিষ্ঠা আৰু আন্তৰিকতা সন্দেহৰ ঊৰ্ধ্বত। দলটোৱে উল্লেখ কৰে যে বিজেপি-আৰএছএছৰ দৰে ধৰ্মীয় মৌলবাদী শক্তিৰ বাহিৰে প্ৰায় সকলো ৰাজনৈতিক দল আৰু সাধাৰণ জনতাই কমিউনিষ্টসকলক শ্ৰদ্ধাৰ চকুৰে চায়। কমিউনিষ্ট পাৰ্টিত চোৰ-ডকাইত বা গুণ্ডাৰ স্থান নাই, আনহাতে বিজেপিৰ শাসনত দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু ছিণ্ডিকেটৰ জাল বিস্তাৰিত হৈছে। দলটোৱে প্ৰত্যাহ্বান জনাই কয় যে পীযূষ  হাজৰিকাই কমিউনিষ্টৰ বিৰুদ্ধে দুৰ্নীতি বা চুৰিৰ এটাও উদাহৰণ দাঙি ধৰিব নোৱাৰে।

চিপিআই(এম)য়ে বিজেপিৰ সাম্প্ৰদায়িক বিভাজন আৰু ঘৃণাৰ ৰাজনীতিৰ বিৰোধিতা কৰি দেশৰ ঐক্য, সংহতি আৰু সম্প্ৰীতি ৰক্ষাৰ বাবে কমিউনিষ্টসকলৰ ভূমিকাৰ কথা সোঁৱৰাই দিয়ে। দলটোৱে কয় যে কেৰালাত কমিউনিষ্ট নেতৃত্বাধীন বাওঁ-গণতান্ত্ৰিক মৰ্চাৰ শাসনত শ্ৰমিকসকলে উন্নত জীৱন, সামাজিক নিৰাপত্তা আৰু উচ্চ মজুৰি পাইছে, যাৰ বাবে অসমৰ লাখ লাখ শ্ৰমিক কেৰালালৈ গৈছে। ইয়াৰ বিপৰীতে, বিজেপিৰ শাসনত নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনাক উদগণি দিয়া হৈছে। চিপিআই(এম)য়ে পীযূষ  হাজৰিকাৰ মন্তব্যক তীব্ৰভাৱে নিন্দা কৰি তেওঁৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰিছে আৰু তেওঁৰ মন্তব্যৰ প্ৰতিবাদ জনাইছে।