NORTHEAST NOW (Assamese)
অসম

কথা মতেই কাম! বোকাখাতৰ বান বিধ্বস্ত বংকোৱালত বিকল্প যাতায়তৰ বাবে নাও প্ৰদান CPI (M)ৰ।

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 15, 2024 9:10 pm

যোৱা ২ জুলাইত বোকাখাত বিধান সভা সমষ্টিৰ বংকোৱালত ব্ৰহ্মপুত্ৰৰ বানে এটা কৃষি বান্ধৰ এচোৱা চিঙি নিয়াৰ পাছত অঞ্চলটোত ভীষণ যাতায়তী সমস্যাৰ সৃষ্টি হয়।

উল্লেখ্য যে উক্ত  কৃষি বান্ধটোৱে বংকোৱাল আৰু নেঘেৰিটিঙৰ এটা বৃহৎ অঞ্চলক সংযোগ কৰিছিল।

কিন্তু বান্ধটো বানে উটুয়াই নিয়াৰ পাছত দুয়োপাৰৰ জনসাধাৰণ তথা ৰোগীকে আদি কৰি সাধাৰণ ৰাইজ বঞ্চিত হৈ আছিল যাতায়তৰ পৰা।

ইফালে দেওবাৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPI(M) ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে উক্ত বান বিধ্বস্ত অঞ্চলটো পৰিদৰ্শন কৰি যাতায়তৰ ব্যৱস্থা নোহোৱাৰ বাবে তাৎক্ষণিক ভাৱে এখন নাৱৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰে।

সেই কথা মতে আজি এখন নাও উক্ত চিগা অংশটো পাৰাপাৰ হ’ব পৰাকৈ ব্যৱস্থা কৰা হয়।

উল্লেখযোগ্য যে বংকোৱালত মথাউৰিটো ছিগাৰ পাছতেই পৰিদৰ্শন কৰিবলৈ উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ৰাইজক তাৎক্ষণিক ভাৱে যাতায়তৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দি গৈছিল যদিও দেওবাৰলৈকে অৰ্থাৎ মথাউৰি ছিগাৰ ১২ দিনৰ পাছতো বিকল্প যাতায়তৰ ব্যৱস্থা নোহোৱাত অত্যন্ত ক্ষোভ প্ৰকাশ কৰিছিল সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPI(M)ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে।

আজি বিকল্প যাতায়তৰ বাবে নাওখনৰ ব্যৱস্থা হোৱাৰ লগে লগেই  বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPI(M) ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰক ধন্যবাদ জনাইছে বান ক্ষতিগ্ৰস্ত ৰাইজে আৰু জীপাল কৃষক শ্ৰমিক সংঘই।