NORTHEAST NOW (Assamese)

কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীৰে বিশ্বনাথত চি পি আই-এমৰ বিক্ষোভ প্ৰদৰ্শন

May 10, 2019 3:31 pm · কাজি জেইদুল ইছলাম
Updated: May 10, 2019 3:36 pm
বিশ্বনাথত চি পি আই-এম কৰ্মীৰ প্ৰতিবাদ

জাগীৰোড আৰু পাঁচগ্ৰামৰ বন্ধ হৈ থকা কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবীত আজি ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰাৰ সমান্তৰালভাৱে বিশ্বনাথতো চি. পি. আই-এমৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিক্ষোভ প্ৰদৰ্শন কৰা হয়।

আজি দিনৰ প্ৰায় ১১.৩০ মান বজাত  বিশ্বনাথ চাৰিআলিত থকা বীনাপানি নাট্য সমাজৰ সমীপৰ পৰা নগৰৰ মাজমজিয়াৰে এটি প্ৰতিবাদী মিচিল উলিয়াই বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় প্ৰতিবাদকাৰীসকল।

প্ৰতিবাদকাৰীসকলে ‘‘নগাঁও আৰু কাছাৰ কাগজকল দুটা শীঘ্ৰে পুনৰুজ্জীৱিত কৰক, শ্ৰমিক সকলৰ বকেয়া দৰমহা আদায় দিয়ক, কাগজ কল দুটা পুনৰুজ্জীৱিত নোহোৱা পৰ্য্যন্ত শ্ৰমিকসকলক বিনামূলীয়া ৰেচন, চিকিৎসা, ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনাৰ যাৱতীয় ব্যৱস্থা চৰকাৰে গ্ৰহন কৰক; ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান জীয়াই ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰক’’ ইত্যাদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে সমদল কৰি আহি বিশ্বনাথৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত উপায়ু্ক্তৰ জৰিয়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ শীঘ্ৰে কাগজ কল দুটা মুকলি কৰি কৰ্মচাৰী সকলৰ জীৱন ৰক্ষা কৰাৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে, কাগজ কল দুটাৰ কৰ্মচাৰীসকলে বিগত ২৭ মাহ ধৰি দৰমহা নোপোৱা কাৰণে মানসিকভাৱে ভাগি পৰি আত্মহত্যাৰ পথ বাচি ল’ব লগা হৈছে।

২০১৮ চনত কৰ্মচাৰীসকলক বকেয়া দৰমহা আদায় দিয়াৰ বাবে কেন্দ্ৰই অনুমোদন জনোৱা বাজেটৰ ৯০ কোটি টকা আজিলৈকে কৰ্মচাৰীসকলৰ বাবে মুকলি কৰি নিদিয়াৰ ফলত কাগজ কল দুটাৰ কৰ্মচাৰীসকলে ভয়াবহ প্ৰত্যাহবানৰ সন্মুখিন হ’বলগীয়া হৈছে।

Related News