NORTHEAST NOW (Assamese)
অসম

ভোট চুৰি বিতৰ্ক! নিৰ্বাচন আয়োগক ৰাজধৰ্ম পালন কৰিবলৈ কঠোৰ বাৰ্তা চিপিআইএমৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 9, 2025 8:57 am
ভোট চুৰি বিতৰ্ক! নিৰ্বাচন আয়োগক ৰাজধৰ্ম পালন কৰিবলৈ কঠোৰ বাৰ্তা চিপিআইএমৰ

নিৰ্বাচন আয়োগে ৰাইজৰ আস্থা অৰ্জন কৰক। এই বাৰ্তাটোৱেই দিলে চিপিআইএমে। শুকুৰবাৰে চিপিআইএমে নিৰ্বাচন আয়োগক দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত জনসাধাৰণৰ আস্থা পুনৰ প্ৰতিষ্ঠা কৰাৰ আহ্বান জনাইছে। দলটো বৰ্তমান কেৰালাত শাসকীয় দল, তামিলনাডুৰ শাসক শিবিৰৰ মিত্ৰ দল আৰু ত্ৰিপুৰাৰ মূল বিৰোধী দল।

ষ্টেটছমেনৰ বাতৰি অনুসৰি চিপিআইএমৰ পলিটব্যুৰোৱে জাৰি কৰা এক বিবৃতিত নিৰ্বাচনৰ নিৰপেক্ষতাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ইয়াত কোৱা হৈছে যে ভোটাৰ তালিকা প্ৰস্তুত কৰাত অনিয়ম আৰু শেহতীয়া কিছু ৰাজ্যত নিৰ্বাচনৰ সময়ত অনৈতিক কাৰ্যকলাপ দেখা গৈছে।

বিশেষকৈ শেহতীয়াকৈ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ নিৰ্বাচনত ভোটদানত অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ পিছত নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈও চিপিআইএমে প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ উপৰিও বিহাৰত SIR প্ৰক্ৰিয়াক লৈও দলটোৱে প্ৰশ্ন উত্থাপন কৰিছে, যিয়ে ভোটাৰ তালিকাৰ নিৰ্ভুলতাক লৈ সন্দেহৰ সৃষ্টি কৰিছে।

বিৰোধী দলসমূহে উত্থাপন কৰা অভিযোগৰ সম্যক তদন্ত কৰি স্বচ্ছতা আৰু নিৰপেক্ষতাৰ প্ৰতি থকা দায়বদ্ধতা প্ৰমাণ কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনাইছে চিপিআইএমে। বিৰোধীয়ে উত্থাপন কৰা বিষয়সমূহৰ পুংখানুপুংখ তদন্ত কৰি সন্দেহ দূৰ কৰাটোৱেই হৈছে নিৰ্বাচন আয়োগৰ দায়িত্ব আৰু কৰ্তব্য।

উল্লেখ্য যে লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ‘ভোট চুৰি’ বিষয়ত নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কেন্দ্ৰৰ শাসকীয় দল বিজেপিয়ে দাবী কৰিছে যে বিৰোধী নেতাৰ এই দাবী ভিত্তিহীন। নিৰ্বাচন আয়োগৰ কামত চৰকাৰে হস্তক্ষেপ নকৰে।

চিচিটিভি সন্দৰ্ভত ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰত নিৰ্বাচন আয়োগে এক আচৰিত উত্তৰ দিলে। আয়োগে জনাইছে যে এক লাখ ভোটকেন্দ্ৰৰ চিচিটিভি ফুটেজ পৰ্যালোচনা কৰিবলৈ এক লাখ দিন অৰ্থাৎ প্ৰায় ২৭৩ বছৰ সময় লাগিব। ইয়াৰ কোনো আইনী ফলাফল সম্ভৱ নহয়।

নিৰ্বাচন আয়োগে লগতে কয় যে যদি কোনো প্ৰাৰ্থীয়ে কোনো নিৰ্বাচনী গোচৰত আদালতত আবেদন কৰে তেন্তে তেতিয়াহে চিচিটিভিৰ ফুটেজ সংৰক্ষণ কৰা হয়। অন্যথা এই ফুটেজ ৰখাৰ কোনো যুক্তি নাই।

প্ৰসংগক্ৰমে ৰাহুল গান্ধীয়ে অভিযোগ কৰিছিল আৰু প্ৰশ্ন কৰিছিল যে ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ চিচিটিভি আৰু ভিডিঅ’ প্ৰমাণ কোনো নিৰ্দেশত নষ্ট কৰা হৈছে বা কাৰ আদেশত সেয়া কৰা হৈছে?