৮ আদিবাসী সংগঠনৰ সদস্যৰ অস্ত্ৰসম্বৰণ: পুনৰ্বাসনৰ পেকেজ ঘোষণা চৰকাৰৰ

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত ৫ টা আদিবাসী উগ্ৰপন্থী সংগঠন আৰু ইয়াৰ তিনিটা বিভাজিত গোটে অস্ত্ৰ সম্বৰণ কৰে।এই আঠটা গোটৰ সৰ্বমুঠ ১১৮২ জন কেডাৰে ৩০৪ টা অত্যাধুনিক মাৰণাস্ত্ৰ আৰু ১৪৬০ ৰাউণ্ড গুলী-বাৰুদ জমা দিয়ে।
অস্ত্ৰ সম্বৰণ কৰা এই পাঁচটা আদিবাসী সংগঠন হ’ল ক্ৰমে আদিবাসী কোৱা মিলিটেৰী অৱ অসম (আকমা) আৰু আকমাৰ বিভাজিত গোট, অল আদিবাসী নেশ্যনেল লিবাৰেশ্যন আৰ্মী (আনলা) আৰু আনলাৰ বিভাজিত গোট, বিৰচা কামাণ্ডো ফোৰ্চ (বি চি এফ) আৰু বি চি এফৰ বিভাজিত গোট, আদিবাসী পিপুলচ আৰ্মী (আপা), সান্থাল টাইগাৰ ফোৰ্চ (এছ টি এফ)।
উল্লেখ্য যে যোৱা ২০১২ চনৰ ২৪ জানুৱাৰীত এই আদিবাসী উগ্ৰপন্থী সংগঠনসমূহে চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিছিল আৰু পৰৱৰ্তী সময়ত ২০১৬ চনৰ ৪ অক্টোবৰত যুদ্ধ বিৰতিৰ এক চুক্তি স্বাক্ষৰিত কৰিছিল। যুদ্ধ বিৰতিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত চৰকাৰ আৰু এই সংগঠনসমূহৰ মাজত কেইবালানীও আলোচনা অব্যাহত আছিল।
সমান্তৰালভাৱে ২০২২ চনৰ ১৫ ছেপ্টেম্বৰত ভাৰত চৰকাৰ তথা অসম চৰকাৰ আৰু এই উগ্ৰপন্থী সংগঠনসমূহৰ মাজত আদিবাসী চুক্তি স্বাক্ষৰিত হৈছিল। আদিবাসী চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত চুক্তিৰ তিনি নম্বৰ দফা অনুসৰি চলিত বৰ্ষৰ ২২ মে’ত অসম চৰকাৰে ১৬ জনীয়া আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰে।
আজি অস্ত্ৰ সম্বৰণৰ কাৰ্যসূচীৰ সময়তে অধ্যক্ষ অসীম হাজদাৰ নেতৃত্বত পৰিষদৰ সদস্যসকলে শপত গ্রহণ কৰে। জনজাতি পৰিক্ৰমা (ভৈয়াম), সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সচিব বিনীতা পেণ্ডৱে মুখ্যমন্ত্ৰীৰ সন্মুখত এই শপতবাক্য পাঠ কৰোৱায়।
ইফালে অনুষ্ঠানত বক্তব্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটো অসমৰ জাতীয় জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ দিন বুলি মন্তব্য কৰে। তেওঁ লগতে নতুন দিল্লীত পাঁচটা আদিবাসী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ ক্ষেত্রত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ প্রচেষ্টাৰ বাবে চুক্তি বাস্তৱত পৰিগণিত হ’ল বুলিও দোহাৰে।
তেওঁ লগতে অসমৰ পিছপৰা আদিবাসী সমাজৰ উত্থান আৰু অসমৰ সামগ্ৰিক কল্যাণ সাধনৰ বাবে পাঁচটা সংগঠনৰ সদস্যসকলে নিজকে নিয়োজিত কৰিব লাগিব বুলিও নিজ বক্তব্যত উল্লেখ কৰে। এই অনুষ্ঠানৰ পৰাই মুখ্যমন্ত্ৰী শৰ্মাই আলফা (স্বাধীন)ক আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈও আহ্বান জনায়।
ইফালে অস্ত্ৰ সম্বৰণ কৰা সকলো সদস্যকে ৪ লাখ টকাকৈ পুনৰ্বাসনৰ বাবে দিয়া হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, আৰক্ষী সঞ্চালক প্রধান জি পি সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নিৰজ বাৰ্মা উপস্থিত থাকে।
লগতে সাংসদ পল্লৱলোচন দাস, কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ক্ৰমে ৰূপজ্যোতি কুৰ্মী, কৃষ্ণকমল তাঁতী, ৰূপেশ গোৱালা, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ প্রধান সচিব মুকেশ চন্দ্ৰ চাছ, অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান হীৰেন নাথ আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে অনুষ্ঠানত।