দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত ধোনী

ক্ৰিকেট অষ্ট্ৰেলিয়াই ভাৰতীয় ক্ৰিকেটৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ উইকেট-কীপাৰ বেটছমেন তথা প্ৰাক্তন অধিনায়ক এম. এছ. ধোনীক দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া দলৰ অধিনায়ক হিচাপে ঘোষণা কৰিছে।
মঙলবাৰে ঘোষণা কৰা এই এদিনীয়া দলটোত ধোনীৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলী আৰু বিস্ফোৰক বেটছমেন ৰোহিত শৰ্মাইও স্থান লাভ কৰিছে।
‘দশকটোৰ শেষৰ ফালে ধোনীয়ে পৰ্যাপ্ত পৰিমানে ৰান সংগ্ৰহ কৰাত ব্যৰ্থ হ’লেও কিন্তু ভাৰতৰ এদিনীয়া ক্ৰিকেটৰ স্বৰ্ণিল সময়ত তেওঁ এগৰাকী প্ৰমুখ ব্যক্তি আছিল। ভাৰতে ২০১১ চনত ঘৰৰ মাটিত বিশ্বকাপ বিজয়ৰ মূলতে আছিল তেওঁৰ নেতৃত্ব’। এই মন্তব্য ক্ৰিকেট অষ্ট্ৰেলিয়াৰ।
দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেট দলটোত অ’পেনাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে ৰোহিত শৰ্মা আৰু দক্ষিণ আফ্ৰিকাৰ হাছিম আমলাক৷
আনহাতে তৃতীয় স্থানত বিৰাট কোহলী আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক তথা ৩৬০ ডিগ্ৰী ৰূপে পৰিচিত এ বি ডি ভিলিয়াৰ্ছক দলটোত স্থান দিয়া হৈছে চতুৰ্থ।
ক্ৰিকেট অষ্ট্ৰেলিয়াই ঘোষণা কৰা দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া দলটো হৈছে- ৰোহিত শৰ্মা, হাছিম আমলা, বিৰাট কোহলী, এ বি ডি ভিলিয়াৰ্ছ, ছাকিব আল হাছান, জ’ছ বাটলাৰ, এম. এছ. ধোনী(অধিনায়ক), মিটছেল ষ্টাৰ্ক, ট্ৰেন্ট বল্ট, লাছিথ মালিংগা আৰু ৰছিদ খান।
আনহাতে দশকটোৰ শ্ৰেষ্ঠ টেষ্ট দল হ’ল- এলিষ্টেয়াৰ কুক, ডেভিদ ৱাৰ্ণাৰ, কেন উইলিয়ামছন, ষ্টিভ স্মিথ, বিৰাট কোহলী (অধিনায়ক), এ বি ডি ভিলিয়াৰ্ছ, বেন ষ্টোকছ, ডেল ষ্টেইন, ষ্টুৱাৰ্ট ব্ৰড, নাথান লিয়ন আৰু জেমছ এণ্ডাৰছন।