NORTHEAST NOW (Assamese)

সুখবৰ; ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত হ’বলগীয়া শৃংখলাত উপস্থিত থাকিব দৰ্শক

November 10, 2020 2:49 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতৰ বিৰুদ্ধে ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন দিবা-নৈশ মেচত ২৭ হাজাৰ দৰ্শক ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব বুলি মঙলবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই জানিবলৈ দিয়ে।

ক’ৰ’না মহামাৰীৰ বাবে এই পৰ্যন্ত বায়-সুৰক্ষিত পৰিৱেশত দৰ্শক অবিহনেই ক্ৰিকেট মেচ অনুষ্ঠিত হৈ আছে যদিও ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ শৃংখলাত দৰ্শক থাকিব।

অষ্ট্ৰেলিয়াত ভাৰতীয় দলটোৱে তিনিখন এদিনীয়া, তিনিখন টি-২০ আৰু চাৰিখন টেষ্ট খেলিব।

এই ভ্ৰমণটো ২৭ নৱেম্বৰত ছিডনীত প্ৰথমখন এদিনীয়া মেচেৰে আৰম্ভ হ’ব। টেষ্ট শৃংখলাটোৰ আৰম্ভণি ১৭ ডিচেম্বৰৰ পৰা হ’ব।

ক্ৰিকেট ডট কম ডট য়ুৰ মতে, ‘এডিলেড ওভালৰ মুঠ আসনৰ ৫০ শতাংশ টিকটহে বিক্ৰী কৰা হ’ব, অৰ্থাৎ প্ৰতিদিনে ২৭,০০০ টিকট উপলব্ধ হ’ব’।

উল্লেখ্য যে ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে কেৱল এডিলেড টেষ্ট মেচখনহে খেলিব। ইয়াৰ পিছত তেওঁ স্বদেশলৈ ঘূৰি আহিব কিয়নো জানুৱাৰিত তেওঁৰ ঘৰলৈ আহিব নতুন আহিব।

২৬ৰ পৰা ৩০ ডিচেম্বৰলৈ মেলবৰ্ণত বক্সিং ডে  টেষ্ট খেলা হ’ব, আৰু মুঠ ক্ষমতাৰ টিকটৰ মাত্ৰ ২৫ শতাংশহে বিক্ৰী কৰা হ’ব।

ব্ৰিছবেনত হ’বলগীয়া চতুৰ্থ খন টেষ্টত ৭৫ শতাংশ, অৰ্থাৎ ৩০,০০০ টিকট বিক্ৰী কৰা হ’ব। আনহাতে ছিডনীত হ’ভলগীয়া মেচখনত ২৩ হাজাৰ টিকত দৰ্শকৰ বাবে বিক্ৰী কৰা হ’ব।

Related News