NORTHEAST NOW (Assamese)
ক্ৰীড়া

কামিহাড়ৰ আঘাতৰ বাবে আভ্যন্তৰীণ ৰক্তক্ষৰণ : ছিডনীৰ আই চি ইউত ভৰ্তি ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 27, 2025 3:15 pm
কামিহাড়ৰ আঘাতৰ বাবে আভ্যন্তৰীণ ৰক্তক্ষৰণ : ছিডনীৰ আই চি ইউত ভৰ্তি ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন মেচত আঘাতপ্ৰাপ্ত ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ। কামিহাড়ত আঘাত পোৱা শ্ৰেয়াছ আয়াৰৰ আভ্যন্তৰীণ ৰক্তক্ষৰণ হোৱাৰ বাবে ছিডনীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান তেওঁ ইনটেনচিভ কেয়াৰ ইউনিটত (আই চি ইউ)ত ভৰ্তি হৈ আছে।

মেচ খনত এলেক্স কেৰীক আউট কৰিবলৈ এটা কেচ লোৱাৰ সময়তে তেওঁ বাঁওফালৰ কামিহাড়ত আঘাত পায় আৰু ড্ৰেছিং ৰুমলৈ উভটি অহাৰ পিছতে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়।

শ্ৰেয়াৰৰ চিকিৎসকৰ কয়, “শ্ৰেয়াছ যোৱা দুদিন ধৰি আই চি ইউত আছে। ৰিপৰ্ট অহাৰ পিছত আভ্যন্তৰীণ ৰক্তক্ষৰণ ধৰা পৰিল, আৰু লগে লগে তেওঁক ভৰ্তি কৰিব লগা হল। এতিয়া তেওঁ সংকটমুক্ত। কিন্তু চিকিৎসা লাভত পলম হোৱা হ’লে মাৰাত্মক পৰিস্থিতিৰ সৃষ্টি হ’লহেতেঁন।”

জানিব পৰা মতে, তেওঁক চিকিৎসাৰ বাবে আৰু এসপ্তাহ আই চি ইউতে ৰখা হ’ব।