NORTHEAST NOW (Assamese)

কোটি কোটি টকাৰ গাড়ী-সম্পত্তি থকাৰ পাছতো সাধাৰণ জীৱন কটাইছে এইগৰাকী ভাৰতীয় খেলুৱৈয়ে

March 5, 2020 8:35 pm · এন ই নাও নিউজ
Updated: March 6, 2020 10:40 am
বাইকত ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন অধিনায়ক ধোনী।

ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ তথা প্ৰাক্তন অধিনায়ক, দীৰ্ঘদিন ধৰি ক্ৰিকেট জগতৰ পৰা আঁতৰি থকা মহেন্দ্ৰ সিং ধোনীয়ে সময়ে সময়ে বিভিন্ন কাৰণত চৰ্চাৰ মাজলৈ আহে।

বৰ্তমান আমি যদি তেওঁৰ মুঠ সম্পত্তিৰ কথা ক’বলৈ যাওঁ, তেতিয়াহ’লে এটা কথাই ক’ব পাৰি যে ইমান ধনৰ গৰাকী হৈও ধোনীয়ে কেতিয়াও ধনক লৈ গৰ্ব কৰা নাই আৰু এজন সাধাৰণ লোকৰ দৰে মানুহক সাক্ষাৎ কৰে।

ধোনী প্ৰথমৰে পৰাই বাইকৰ প্ৰতি অত্যন্ত আকৰ্ষিত আৰু তেওঁৰ বহুতো দামী তথা কম দামী বাইক আছে। তেওঁ লগতে এতিয়ালৈকে প্ৰথমখন বাইক লগত ৰাখিছে।

নিজৰ গাড়ীৰ সৈতে মহেন্দ্ৰ সিং ধোনী।

তদুপৰি, ধোনীৰ বহুতো বিলাসী গাড়ীও আছে। ধোনীৰ মুঠতে ২৩ খন বাইক, ৪খন অতি বিলাসী কাৰ আৰু ২ খন সাধাৰণ কাৰ আছে।

এইবোৰৰ উপৰিও ৰাঁচীত ধোনীৰ এটা বিলাসী বাংলো আছে যিটো সকলো আধুনিক সা-সুবিধাৰে সজ্জিত।

ইয়াত এখন ব্যক্তিগত ফুলনি, চুইমিং পুল আৰু ধোনীৰ প্ৰিয় সামগ্ৰীসমূহ ৰখাৰ বাবে বিশেষ দুৰ্গ আছে। ইয়াৰ মূল্যও কোটি টকাৰ ঘৰত।

ৰাঁচীৰ উপৰিও ধোনীৰ মুম্বাইৰ দৰে বৃহৎ চহৰত বহুকেইটা ফ্লেট তথা বাংলো আছে। যিবোৰৰ মূল্য ৬০ ৰ পৰা ৭০ কোটি টকা হ’ব।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ইমান সম্পদৰ গৰাকী হৈও ধোনীয়ে এক সাধাৰণ লোকৰ দৰেই বাস কৰে।

Related News