NORTHEAST NOW (Assamese)

চি আৰ পি এফত ৭০০ৰো অধিক খালি পদৰ বাবে জাননী, চাওঁক সবিশেষ

July 18, 2020 2:37 pm ·

নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে সুখবৰ! কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীত খালী হৈছে ৭০০ৰো অধিক পদ।

অৰ্ধ সামৰিক বাহিনীয়ে খালি হোৱা ৭৮৯ টা পদৰ বাবে প্ৰকাশ কৰিছে জাননী।

খালি হোৱা পদ সমূহৰ ভিতৰত ইন্সপেক্টৰ, ছাব-ইন্সপেক্টৰ, এছিস্টেন্ট ছাব-ইন্সপেক্টৰ,হেড কনিষ্টবল,কনিষ্টবল আদি।

ছাব-ইন্সপেক্টৰ পদৰ বাবে শিক্ষাগত অৰ্হতা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ,পদ। ইন্সপেক্টৰ পদৰ বাবে শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী,এছিস্টেন্ট ছাব-ইন্সপেক্টৰ,হেড কনিষ্টবল পদৰ বাবে দ্বাদশ অথবা দশম শ্ৰেণী উত্তীৰ্ণ,কনিষ্টবল পদৰ বাবে দশম শ্ৰেণী উত্তীৰ্ণ হ’লেই হ’ব।

এই আটাইবোৰ পদ গ্ৰুপ বি আৰু চি গ্ৰুপৰ অন্তৰ্গত তথা নন-গেজেটেট পদ।

প্ৰাৰ্থী সকলে বয়সৰ সীমা আৰু অন্যান্য বিষয়ত জানিবলৈ মূল জাননী খন চালে উপকৃত হ’ব।

আবেদন জমা লোৱাৰ প্ৰক্ৰিয়া ২০ জুলাইত আৰম্ভ হ’ব।প্ৰথম পৰ্যায়ৰ নিৰ্বাচন প্ৰক্ৰিয়া হিচাবে লিখিত পৰীক্ষা ২০ ডিচেম্বৰত হ’ব।

অসম,মেঘালয়,অৰুণাচল প্ৰদেশ ,মিজোৰাম,নাগালেণ্ড,মণিপুৰ,ত্ৰিপুৰা,ছিকিম,আদি ৰাজ্যৰ প্ৰাৰ্থী সকলে ডাক যোগে বা হাতে হাতে আবেদন প্ৰেৰণ কৰিব পাৰিব।

আবেদন প্ৰেৰণৰ ঠিকনাৰ বাবে চি আৰ পি এফে প্ৰকাশ কৰা জাননী খন চাব ।

অসংৰক্ষিত, অ’বিচি আদি শ্ৰেণীৰ প্ৰাৰ্থীয়ে গ্ৰুপ বিৰ বাবে ২০০ টকা, গ্ৰুপ চিৰ বাবে১০০ টকাৰ আই পি অ’ অথবা বেংক ড্ৰাফট পঠিয়াব লাগিব।

অনুসূচিত জাতি ,জনজাতি আৰু মহিলা প্ৰাৰ্থীয়ে কোনো মাচুল দিব নালাগে।

আই পি অ’ অথবা বেংক ড্ৰাফট পঠিওৱাৰ ঠিকনা DIGP, Group Centre, CRPF, Bhopal payable at SBI-Bangrasia.

আবেদন গ্ৰহণ কৰাৰ শেষ তাৰিখ ৪ ছেপ্তেম্বৰ,২০২০।

Related News