NORTHEAST NOW (Assamese)
অসম

ল’কডাউনৰ সময়ত অসুস্থ পিতৃৰ কাষত উপস্থিত হ’বলৈ মুম্বাইৰ পৰা কাশ্মীৰলৈ চাইকেলেৰে যাত্ৰা কৰা যুৱকলৈ চি আৰ পি এফৰ সহয়ৰ হাত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 6, 2020 4:24 pm
CRPF

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ল’কডাউন ঘোষণা কৰাৰ ফলত যাতায়ত ব্যৱস্থা সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে।

ল’কডাউনৰ সময়ত কৰ্মসূত্ৰে মুম্বাইত থকা কাশ্মীৰৰ এগৰাকী আৰিফ নামৰ এজন যুৱকে তেওঁৰ অসুস্থ পিতৃক লগ কৰাৰ বাবে চাইকেলেৰে যাত্ৰা আৰম্ভ কৰে।

আনহাতে, যুৱকজনে চাইকেলেৰে কাশ্মীৰলৈ বুলি যাত্ৰা কৰাৰ সময়তে বাটত চি আৰ পি এফে লগ পাই সমষ্ট কাৰণ জানিব পাৰি সহায়ৰ হাত আগবঢ়ায়।

চি আৰ পি এফে যুৱকজনক নিজৰ ট্ৰাকত উঠাই লৈ গৈ অসুস্থ পিতৃৰ কাষত উপস্থিত হোৱাত সহায় কৰে।

উল্লেখযোগ্য যে, ল’কডাউনৰ সময়তে আৰিফৰ পিতৃ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল আৰু আৰিফৰ পিতৃকো চি আৰ পি এফে হেলিকপ্তাৰেৰে জম্মুলৈ লৈ আহি চিকিৎসাৰৰ ব্যৱস্থা কৰিছিল।

জম্মুত উপস্থিত হোৱাৰ পাছতে আৰিফে চি আৰ পি এফৰ জোৱান সকলৰ সলাগ লোৱাৰ লগতে প্ৰতিকূল সময়তো পিতৃৰ চিকিৎসাৰ ব্যৱস্থা কৰা বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।