NORTHEAST NOW (Assamese)
দেশ

পাকিস্তানী চোৰাংচোৱাক গোপন তথ্য প্ৰদান কৰাৰ অভিযোগ : গ্ৰেপ্তাৰ চিআৰপিএফ জোৱান

Posted by: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী May 26, 2025 6:17 pm
পাকিস্তানী চোৰাংচোৱাক গোপন তথ্য প্ৰদান কৰাৰ অভিযোগ : গ্ৰেপ্তাৰ চিআৰপিএফ জোৱান

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত নতুন দিল্লীত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(NIA)ই গ্ৰেপ্তাৰ কৰিছে এজন চি আৰ পি এফ জোৱানক। অভিযোগ অনুসৰি তেওঁ পাকিস্তানৰ চোৰাংচোৱা সংস্থালৈ স্পৰ্শকাতৰ আৰু গোপনীয় তথ্য প্ৰেৰণ কৰিছিল। ৬ জুনলৈ তেওঁক জিম্মাত ৰখাৰ নিৰ্দেশ দিছে নিয়াৰ আদালতে।

২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণৰ পিছত ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে। তেতিয়াৰ পৰা পাকিস্তানৰ বাবে ভাৰতত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ইজনৰ পিছত সিটো গ্ৰেপ্তাৰ আৰম্ভ হৈছে।