NORTHEAST NOW (Assamese)

IPLৰ পৰাও অৱসৰ ধোনীৰ? হাৰ্দিক-ক্ৰুনালক জাৰ্ছি প্ৰদান কৰাৰ পাছতে আৰম্ভ জল্পনা-কল্পনা

October 25, 2020 8:09 am · এন ই নাও নিউজ
মহেন্দ্ৰ সিং ধোনী।

কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনীয়ে বেটত ছন্দ হেৰুৱাইছে। প্ৰশ্ন উঠিছে তেওঁৰ অধিনায়কত্বকলৈয়ো। স্তিমিত হৈ পৰিছে দলৰ প্ৰদৰ্শন।

আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে যোৱা শুকুৰবাৰে খেলোৱা খেলখনত চেন্নাই ছুপাৰ কিংছে দহটা উইকেট হেৰুৱাইছে।

স্বাভাৱিকতে এনে পৰিস্থিতিত চৰ্চা আৰম্ভ হৈছে ধোনীৰ অৱসৰক কেন্দ্ৰ কৰি। সৰৱ আলোচনা চলিছে যে আন্তৰ্জাতিক ক্ৰিকেটৰ পাছত এইবাৰ আইপিএলৰ পৰাও অৱসৰ ল’ব নেকি ধোনীয়ে?

এনে আলোচনাৰ উৎস কি? চলিত বৰ্ষৰ ১৫ আগষ্টত ধোনীয়ে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল।

তাৰপাছতে আইপিএলত যোগদান কৰিছে ধোনীয়ে। ধোনীৰ বেটে এইবাৰ উত্তৰ দিব পৰা নাই। অধিনায়কত্বও হৈ পৰিছে নিষ্প্ৰভ। তেওঁৰ দলটো এতিয়া প্লে-অফলৈ যাব নোৱাৰিব।

ইয়াৰ মাজতে যোৱা শুকুৰবাৰে খেলৰ অন্ত নিজৰ ৭নম্বৰ জাৰ্ছিটো মুম্বাই ইণ্ডিয়ানছৰ খেলুৱৈ হাৰ্দিক আৰু ক্ৰুনাল পাণ্ডিয়াক উপহাৰ দিয়ে। ধোনীৰ পৰা এই উপহাৰ গ্ৰহণ কৰে পাণ্ডিয়া ভাতৃদ্বয়ে।

আআইপিএলৰ অফিচিয়েল টুইটাৰ হেণ্ডলৰ পৰা এই ছবি টুইট কৰা হৈছে। ইয়াৰ পূৰ্বে একেধৰণে ৰাজস্থানৰ খেলুৱৈ জোছ বাটলাৰকো খেলৰ শেষত নিজৰ জাৰ্ছি উপহাৰ দিছিল ধোনীয়ে।

পুনৰ একে ঘটনা প্ৰত্যক্ষ কৰি অনুৰাগীসকলৰ মনত শংকা গভীৰ হৈ পৰিছে। বহুতেই টুইট কৰি মনৰ কথা প্ৰকাশো কৰিছে।

এগৰাকী অনুৰাগীয়ে লিখিছে,’’বিপক্ষ দলৰ খেলুৱৈক এইদৰে জাৰ্ছি উপহাৰ দিছে, তেনেহ’লে ধোনীয়ে অৱসৰ ল’বলৈ গৈ আছে নেকি?’’

বহুতেই তেওঁক ২০২১লৈকে খেলি যোৱাৰো আহ্বানো জনাইছে। এতিয়া ধোনীয়েহে ল’ব শেষ সিদ্ধান্ত। কিন্তু ক্ৰিকেট বিশেষজ্ঞ তথা অনুৰাগীসকলৰ মনত ধোনীৰ অৱসৰক লৈ যেন এক ভীষণ কৌতুহলৰ সৃষ্টি হৈছে।

Related News