NORTHEAST NOW (Assamese)
অসম

বিহাৰৰ নিৰ্বাচনত চুপাৰি কিলাৰ! প্ৰাৰ্থীক গুলীয়াই হত্যা; গণপ্ৰহাৰত মৃত্যু আক্ৰমণকাৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 25, 2020 7:10 am
WhatsApp Image 2020-10-25 at 6.35.02 AM

বিহাৰত জনতা দল ৰাষ্ট্ৰবাদী পাৰ্টিৰ প্ৰাৰ্থী নাৰায়ন সিঙক মুকলিকৈ গুলী চলাই হত্যা কৰাৰ ঘটনাই ৰাজ্যখনত পৰিস্থিতি উত্তপ্ত কৰি তুলিছে।

গুলীত আহত এজন গাঁওবাসীৰ চিকিৎসাধীন অৱস্থাত হাস্পাতলত মৃত্যু হয়।

ইপিনে, শিবহৰ জিলাৰ আক্ৰমণৰ ঘটনাৰ পাছতে ৰাইজে এজন ‘চুপাৰি কিলাৰ’ক কৰায়ত্ত কৰে আৰু গণপ্ৰহাৰত তেওঁৰ মৃত্যু হয়।

আন এজন আক্ৰমণকাৰী বৰ্তমান পলাতক হৈ আছে আৰু আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান চলাই আছে।

আনহাতে, আৰক্ষীয়ে আক্ৰমণকাৰী দলৰ এজনক গ্ৰেপ্তাৰ কৰে  আৰু তেওঁৰ পৰা এটা পিষ্টল জব্দ কৰিছে।

শনিবাৰে সন্ধিয়া শিবহৰ জিলাৰ হটচৰ গাঁৱত প্ৰচাৰ অভিযান চলোৱাৰ সময়ত আক্ৰমণকাৰীয়ে জেডিআৰপি প্ৰাৰ্থী নাৰায়ন সিঙক আগুচি ধৰি গুলী চলায়।

জনসমাগমৰ মাজতে গুলী চলোৱা আক্ৰমণকাৰীৰ পিছ লয় উপস্থিত জনতাই। ইয়াৰে দুজন দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ পাছত আৰম্ভ হয় গণ প্ৰহাৰ।

আৰক্ষীয়ে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও তেতিয়ালৈকে গণপ্ৰহাৰত এজন আক্ৰমণকাৰীৰ মৃত্যু হয়।

গুলীত আহত জেডিআৰপি প্ৰাৰ্থী আৰু দুজন গাঁৱবাসীক ততাতয়াকৈ সীতামাৰি জিলাৰ হাস্পাতলত লৈ যোৱা হয় যদিও ৰাস্তাতে প্ৰাৰ্থী গৰাকীৰ মৃত্যু হয়।

আহত এজন গাঁৱবাসীৰ হাস্পাতলত মৃত্যু হয় আৰু আনজনক চিকিৎসাৰ পাছত যাবলৈ দিয়া হয়।

জিলাখনত ইতিমধ্যে আৰক্ষী বিভাগৰ দ্বাৰা সতৰ্কতা জাৰি কৰা হৈছে।

বাতৰি মতে, মৃত প্ৰাৰ্থীগৰাকী গাঁও পঞ্চায়তৰ প্ৰধান আছিল। এইবাৰ জেডিআৰপিয়ে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।

প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে কেইবাটাও গোচৰ চলি থকাৰ কথা জানিব পৰা গৈছে। সেয়েহে, এই ঘটনাৰ আঁৰত কোনো ৰাজনৈতিক কাৰণ আছে নে কোনো প্ৰতিহিংসা আৰক্ষীয়ে তাৰ অনুসন্ধান চলাইছে।

বিহাৰৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছৰে পৰা ৰাজ্যখনত তিনিটা হত্যাকাণ্ড সংঘটিত হৈছে।

প্ৰথমতে, পাটনাত এগৰাকী বিজেপি নেতাক গুলীয়াই হত্যা কৰা হয়। তাৰপাছত পুৰ্নিয়া জিলাত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা দলিত নেতাক গুলী কৰি হত্যা কৰাৰ পাছত শনিবাৰে জেডিআৰপিৰ প্ৰাৰ্থী গৰাকীক গুলীয়াই হত্যা কৰা হয়।