NORTHEAST NOW (Assamese)

যৌন অপৰাধৰ অভিযোগত ১০৭৫বছৰ কাৰাদণ্ড এইগৰাকী ধৰ্ম প্ৰচাৰকক

January 12, 2021 10:07 am · এন ই নাও নিউজ
সুন্দৰী নাৰীৰ সৈতে আদনান ওকতাৰ। ফটো: সংগৃহিত।

যৌন অপৰাধৰ অভিযোগত এগৰাকী ধৰ্ম প্ৰচাৰকক বিহা হৈছে ১০৭৫বছৰৰ কাৰাদণ্ড। তুৰস্কৰ এই ধৰ্ম প্ৰচাৰকগৰাকীক এইদৰে আদালতে কাৰাদণ্ড বিহিছে।

কাৰাদণ্ডৰ শাস্তি লাভ কৰা ব্যক্তিগৰাকীৰ নাম হৈছে আদনান ওকতাৰ।

২০১৮চনৰ জুন মাহত মহিলা আৰু শিশুৰ ওপৰত যৌন নিৰ্যাতন, গুপ্তচৰ বৃত্তি আৰু জালিয়াতিকে ধৰি কেইবাটাও অভিযোগত আদনানক ইস্তানবুল আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ নিয়ন্ত্ৰণ শাখাই গ্ৰেপ্তাৰ কৰিছিল।

বিগত আঢ়ৈ বছৰ ধৰি গোচৰ চলাৰ পাছত সোমবাৰে তুৰস্কৰ এখন উচ্চ আদালতে তেওঁক দোষী সাৱ্যস্ত কৰি শাস্তি ঘোষণা কৰে।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তুৰস্কৰ বিতৰ্কিত ইছলামিক প্ৰচাৰক তথা বিভিন্ন ধৰ্মীয় গ্ৰন্থৰ লেখক আদনান ওকতাৰ ওৰফে হাৰুণ ইয়াহিয়াই টিভিত ইছলামিক বিষয়ৰ ওপৰত বক্তব্য দিয়ে।

আদনানে টক শ্ব’ত ইছলামিক মতাদৰ্শ সম্পৰ্কে আলোচনা কৰে আৰু সেই আলোচনাৰ মাজতে সাজি কাছি থকা স্বল্প বসনা নাৰীৰ সৈতে সকলোৰে সন্মুখত নৃত্যও কৰে।

এই নাৰীসকলক মৰমতে নিজৰ ‘মেকুৰী পোৱালি’ বুলি পৰিচয়ো কৰাই দিয়ে আদনানে। এই বিষয়টোক লৈয়েই ১৯৯০ চনৰ প্ৰথমবাৰৰ বাবে আদনানক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

Related News