হিংসাজৰ্জৰ লেহ চহৰত চাৰি ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন, অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানত জনতাৰ ভিৰ
হিংসাত্মক পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত লাডাখৰ লেহ চহৰত তিনিদিন পূৰ্বে কাৰ্ফিউ জাৰি কৰাৰ পাছত প্ৰথমবাৰৰ বাবে শনিবাৰে বিয়লি পৰ্যায়ক্ৰমে কেইঘণ্টামানৰ বাবে নিষেধাজ্ঞা শিথিল কৰা হয়। ইয়াৰ পাছত অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা দোকানৰ বাহিৰত লেহৰ বাসিন্দাসকলক শাৰী পাতি থকা অৱস্থাত দেখা যায়।
পূৰ্বৰ দিনটোত জলবায়ু কৰ্মী সোণম ৱাংচুকক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ পাছত আজি পুৱাৰে পৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে আইন-শৃংখলা বজাই ৰাখিবলৈ নিৰাপত্তা তীব্ৰতৰ কৰি তুলিছে।
লাডাখৰ আৰক্ষী সঞ্চালক প্ৰধান এছ.ডি. সিং জামৱালে, মুঠ চাৰি ঘণ্টা ধৰি সান্ধ্য আইন শিথিল কৰা বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে, বুধবাৰে (২৪ ছেপ্টেম্বৰ) সন্ধিয়া চহৰখনত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ ফলত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৯০ জন লোক আহত হোৱাৰ াছতে লেহ এপেক্স বডিয়ে (এল এ বি) কেন্দ্ৰৰ সৈতে ৰাজ্যৰ সৈতে আলোচনা আগবঢ়াই নিয়া আৰু লাডাখক ষষ্ঠ অনুসূচীৰ অধীনত অন্তৰ্ভুক্ত কৰা দাবীৰ ওপৰত আলোচনা আগবঢ়াই নিয়াৰ আহ্বান জনাইছিল।
ৰাজভৱনত উপ-ৰাজ্যপাল কবিন্দৰ গুপ্তাৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়, তাৰ পাছতে এই নিষেধাজ্ঞা লাঘৱ কৰা হয়।
বিষয়াসকলে জনোৱা মতে, শনিবাৰে (২৭ ছেপ্টেম্বৰ) আৰক্ষীৰ দলসমূহে ৰাজহুৱা সম্বোধন ব্যৱস্থা ব্যৱহাৰ কৰি সান্ধ্য আইন শিথিল কৰাৰ কথা ঘোষণা কৰে আৰু তাৰ কিছু সময়ৰ পাছতে অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা দোকানসমূহ মুকলি কৰা হয়।