NORTHEAST NOW (Assamese)
অসম

আজিৰে পৰা গুৱাহাটীত সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ’ব সান্ধ্য আইন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 17, 2019 8:11 am
222-750x375

ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰিস্থিতি উন্নত হোৱালৈ চাই সান্ধ্য আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ’ব।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত সোমবাৰে অনুষ্ঠিত আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা বৈঠকত মহানগৰীত সান্ধ্য আইন সম্পূৰ্ণৰূপে উঠাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সোমবাৰে নিশা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে,’’ বৈঠকত মঙলবাৰে পুৱা ৬বজাৰ পৰা গুৱাহাটীত সান্ধ্য আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।‘’

মঙলবাৰৰ ৰাতিপুৱাৰ পৰা ব্ৰডবেণ্ড ইন্টাৰনেট সেৱাও পুনৰ আৰম্ভ হ’ব।

মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ে এই কথা জানিবলৈ দি কয়,’’মঙলবাৰৰ ৰাতিপুৱাৰ পৰা সমগ্ৰ ৰাজ্যতে ব্ৰডবেণ্ড ইন্টাৰনেট সেৱা পুনৰ মুকলি কৰি দিয়াৰ সিদ্ধান্তও বৈঠকত লোৱা হয়।‘’

আনহাতে, ৰাজ্য চৰকাৰে মোবাইল ইন্টাৰনেট সেৱা মুকলি কৰি দিয়া সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই।

সোমবাৰে গুৱাহাটীত পুৱা ৬ বজাৰ পৰা নিশা ৯ বজালৈকে ৯ঘন্টাৰ বাবে সান্ধ্য আইন শিথিল কৰি দিয়া হৈছেল।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গুৱাহাটীকে ধৰি ৰাজ্যখনৰ কেইবাঠাইতো প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাৰ পাছতে সান্ধ্য আইন জাৰি কৰা হৈছিল।