NORTHEAST NOW (Assamese)

কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন

August 28, 2020 5:22 pm · উত্তম শইকীয়া

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত আজি কেন্দ্ৰটোৰ ১৮সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়৷

২০০২ চনৰ ২৮ আগষ্টত কেন্দ্ৰটো প্ৰতিষ্ঠা হৈছিল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে দিয়া আদৰণী ভাষণেৰে অনুষ্ঠানটো আৰম্ভ হয়।

অনুষ্ঠানত কেন্দ্ৰৰ পৰিচালক তথা ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ড৹ ৰথীন বৰ্মনে কেন্দ্ৰটোৰ ১৮ বছৰীয়া ইতিহাসৰ সচিত্ৰ উপস্থাপন দাঙি ধৰে৷

ড৹ ৰথীন বৰ্মনে দিয়া তথ্য মতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম এই কেন্দ্ৰটোৱেই ভাৰতত প্ৰথমবাৰৰ বাবে এশিঙীয়া গঁড় পুনৰ সংস্থাপন কৰিছিল।

আৰু আজিলৈকে মুঠ ১৯টা গঁড় বনাঞ্চলত পুনৰ সংস্থাপন কৰা হৈছে৷

ইয়াৰ উপৰিও হাতী, ভালুক, গধোৱা নাহৰফুটুকী, মাটি গাহৰিকে ধৰি বহু বন্যপ্ৰাণী কেন্দ্ৰীয় প্ৰটক’ল মতে পুনৰ সংস্থাপন কৰিছে৷

ভাৰতৰ আগশাৰীৰ সংস্থা ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই অসমৰ বন বিভাগ আৰু ইন্টাৰনেচনেল ফাণ্ড ফৰ এনিমেল ৱেলফেয়াৰৰ সহযোগত এই কেন্দ্ৰটো স্থাপন কৰিছে।

এই কেন্দ্ৰটোয়ে বন্যপ্ৰাণী পুনৰ সংস্থাপন কৰাৰ উপৰিও জন সজাগতাৰ বাবে কাম কৰি আহিছে।

এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ৪২০গৰাকী ছাত্ৰ-ছাত্ৰী, বিভিন্ন বন সংমণ্ডলৰ পৰা অহা ৪৭০গৰাকী বনকৰ্মী আৰু বিভিন্ন গাঁৱৰ পৰা অহা ৫৮০গৰাকী লোকক বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰশিক্ষণো কেন্দ্ৰটোৱে দিছে৷

আজিৰ প্ৰতিষ্ঠা দিৱসত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, ডি এফ অ’  ৰমেশ কুমাৰ গগৈ, নামেৰীৰ ডি এফ অ’ পংকজ শৰ্মা, বিশ্বনাথৰ ডি এফ অ’ মুকুট চন্দ্ৰ দাস, নগাওঁৰ ডি এফ অ’ অৰুণ বিঘ্নেশ, কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াকে ধৰি ভলেসংখ্যক ব্যক্তি উপস্থিত থাকে৷

অনুষ্ঠানত অসমত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন সম্পৰ্কত সংবাদ মাধ্যমৰ গুৰুত্ব আৰু আগত দিনত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ কৰনীয় সম্পৰ্কে আলোচনা কৰা হয়৷

Related News