NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱৰ খন্দকাৰপাৰাৰ শিক্ষকৰ একাউণ্টৰ পৰা ২.৫১ লাখ টকা লুট চাইবাৰ অপৰাধীৰ

Posted by: ইয়াছিন আলী December 26, 2018 3:14 pm
online-facility-makes-sbi-a-c-shifting-less-tedious

অসমত ক্ৰমাৎ বাঢ়ি গৈ আছে চাইবাৰ অপৰাধৰ সংখ্যা।চাইবাৰ অপৰাধৰ ক্ষেত্ৰত আৰক্ষী  প্ৰশাসন যিমানেই সক্ৰিয় হবলৈ ধৰিছে চাইবাৰ অপৰাধীৰ চক্ৰয়ো সিমানেই নতুন নতুন কৌশলৰ আৱিস্কাৰ কৰিবলৈ লৈছেঁ। এইদৰেই ৰাজ্যখনত দিনে দিনে বৃদ্ধি পাই আহিছে চাইবাৰ অপৰাধৰ সংখ্যা। বিশেষকৈ বেংকত একাউণ্টৰ পৰা  টকা হৰলুকী হোৱাৰ ঘটনা যেন নিত্য নৈমিত্যিক ঘটনাত পৰিণত হৈছে।

শেহতীয়াভাৱে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত তথা খন্দকাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক জালাল উদ্দিন মল্লিকৰ এছবিআই একাউণ্টৰ পৰা দুৰ্বৃত্তই ২.৫১ লাখ টকা লুটি নিয়ে।

যোৱা ২০ ছেপ্টেম্বৰৰ পৰা আয়মনা খাতুন আৰু লোকমান হুছেইনে জালাল মল্লিকৰ একাউন্টৰ সৈতে যুক্ত এটিএম কাৰ্ডৰ জৰিয়তে নিউ বঙাইগাওঁ আৰু বিলাসীপাৰাৰ পৰা উক্ত টকাখিনি উঠাই লয়।

উপায়হীন হৈ জালাল মল্লিকে অভয়াপুৰী আৰক্ষী থানাত গোচৰ দিছে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪২০/৩৭৯  অধীনত  (৭০০/১৮) গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মনে যিকোনো প্ৰকাৰে দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ আশ্বাস দিছে।