NORTHEAST NOW (Assamese)
অসম

বিধানসভাৰ অধিৱেশনৰ দ্বিতীয় দিনাও বিভিন্ন দাবীত উত্তাল দিচপুৰ লাষ্টগে’ট

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া July 27, 2019 9:50 pm
Voters Party International

চলিত বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনাই তিনিটাকৈ দল-সংগঠনৰ প্ৰতিবাদত উত্তাল হোৱা দিচপুৰ লাষ্টগে’টত আজি দ্বিতীয় দিনাও বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে।

সংগঠনটোৱে বানপানী সমস্যা, এন আৰ চি উন্নীতকৰণ আৰু ৪১ হাজাৰ ঠিকাভিত্তিক টে’ট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ আদি দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰে।

“অসমৰ বানপানী সমস্যাক ৰাষ্টীয় সমস্যা নকৰা পৰ্যন্ত আমাৰ এই আন্দোলন চলি যাব। যদি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বান সমস্যা ৰাষ্টীয় সমস্যা কৰাত কিবা কৌশল বা জ্ঞানৰ অভাৱ আছে, তেন্তে আমাৰ পৰা লব পাৰে”, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ সভাপতি ললিত পেগুৱে সংবাদ মাধ্যমৰ আগত কয়।

প্ৰতিবাদকাৰীসকলে কাঁহী-বাটি বজাই বিভিন্ন শ্ল’গানেৰে ব্যতিক্ৰম ধৰণে প্ৰতিবাদ সাবস্ত কৰে।

উল্লেখ কৰিব পাৰি যে কালি অধিৱেশনৰ প্ৰথম দিনটোতো একেই দাবীৰে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ লগতে অসম সংগ্ৰামী মঞ্চ আৰু চি পি আয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল।