NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ জাপৰি পথাৰত বান সাহায্য বিতৰণ গুৱাহাটী বাৰ এছ’চিয়েশ্যনৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া July 27, 2019 9:18 pm
Flood relief Bokakhat

গুৱাহাটী উচ্চ ন্যায়লয়ৰ বাৰ এছ’চিয়েশ্যন আৰু কেৰালা বাৰ এছ’চিয়েশ্যনৰ উদ্যোগত বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সহযোগত আজি বোকাখাত মহকুমাৰ বানবিধস্ত জাপৰি পথাৰত সাহায্য প্ৰদান কৰে ৷

জাপৰি পথাৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজিত এটা অনুষ্ঠানৰ জৰিয়তে বাৰ এছ’চিয়েশ্যনৰ সদস্যসকলে অঞ্চলটোৰ বান আক্ৰান্ত ১৫০টা পৰিয়ালক বান সাহায্য প্ৰদান কৰে।

অনুষ্ঠানটোত গুৱাহাটী উচ্চ ন্যায়লয়ৰ বাৰ এছ’চিয়েশ্যনৰ মানস শৰণীয়া, মহকুমা সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, মহকুমা আৰক্ষী বিষয়া ডাঃ কল্যাণ দাস , বাৰ এছ’চিয়েশ্যনৰ সচিব প্ৰধান বনশ্ৰী গগৈ, প্ৰশাসনিক সচিব ৰাজীৱ দেব, পুথিভঁৰাল সচিব পবিত্ৰ শইকীয়া, ৰীতা বৰবৰা আৰু মধুচন্দ্ৰা ভট্টচাৰ্য, স্থানীয় ব্যক্তি তৰুণ বৰা আৰু বোকাখাত ব্যৱসায়ী সন্থাৰ হৈ নৱাগত শইকীয়া উপস্থিত থাকে ৷

বাৰ এছ’চিয়েশ্যনৰ তৰফৰ পৰা বানাক্ৰান্ত জনসাধাৰণৰ মাজত খাদ্য সামগ্ৰীৰ উপৰি আঁঠুৱা আদি নিত্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয় ৷