NORTHEAST NOW (Assamese)

বন, বন্যপ্ৰাণী আৰু পৰিবেশ সংৰক্ষণৰ বাৰ্তাৰে বোকাখাতৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ দুই যুৱকৰ চাইকেল যাত্ৰা

February 3, 2021 10:29 am · উত্তম শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

বন, বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা লৈ আজি বোকাখাতৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যান হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ চাইকেলেৰে যাত্ৰা কৰিছে বোকাখাতৰ দুজন যুৱকে।

আজি পুৱা বোকাখাতস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ কাৰ্যালয় প্ৰাংগণৰ পৰা যাত্ৰাৰ শুভাৰম্ভ কৰা যুৱকদ্বয়ে।

এক গুৰুত্বপূৰ্ণ বাৰ্তাৰে চাইকেল যাত্ৰা কৰা এই যুৱকদ্বয় হ’ল কাজিৰঙা আদৰ্শ মহাবিদ্যালয়ৰ লোচন প্ৰকাশ গগৈ আৰু বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ দিগন্ত দাস।

দুয়ো উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ।

আজি পুৱা কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ আৰু পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে গামোছা পিন্ধাই দুয়োজন যুৱককে শুভেচ্ছা জনাই যাত্ৰাৰ শুভাৰম্ভ কৰে।

কাজিৰঙাৰ পৰা সংৰক্ষণৰ ইতিবাচক বাৰ্তা কঢ়িয়াই নিয়াৰ এই প্ৰচেষ্টাৰ বাবে যুৱকদ্বয়ক ধন্যবাদো জনায়।

অনুষ্ঠানত বিশ্ব প্ৰকৃতি নিধিৰ জ্যেষ্ঠ প্ৰৱন্ধক ড০ প্ৰণৱ জ্যোতি বৰা, গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, ইলেকট্ৰ’নিকছ মেডিয়া জাৰ্নেলিষ্ট এছ’চিয়েশ্যনৰ দীপজ্যোতি হাজৰিকা, সুদীপ্ত তামুলী, প্ৰদীপ হাজৰিকা আৰু অমৰ বৈৰীও উপস্থিত থাকে।

কাজিৰঙা সংৰক্ষণৰ এশ বছৰীয়া ইতিহাসৰ তথ্য আৰু অভিজ্ঞতা বুকুত বান্ধি সংৰক্ষণৰ বাৰ্তাৰে চাইকেল চলাই আৰাম্ভ কৰা এই যাত্ৰাৰ প্ৰথম দিনা বিয়লি তেওঁলোক ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ৫ ফেব্ৰুৱাৰিৰ বিয়লি তেওঁলোক গৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান পাবগৈ।

দুয়োখন ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ লগতে স্থানীয় লোকৰ সৈতেও মত বিনিময় কৰিব লোচন প্ৰকাশ গগৈ আৰু দিগন্ত দাসে।

বোকাখাতৰ পৰা যাত্ৰা আৰম্ভ কৰি কাজিৰঙাত উপস্থিত হোৱা যুৱকদ্বয়ক দিৰিং চাৰি আলিত বিভিন্ন জনে আদৰণীও জনায়।

যুৱকদ্বৰ এই সংৰক্ষণৰ চাইকেল যাত্ৰাত বিশ্ব প্ৰকৃতি নিধি, আৰণ্য আৰু কৰবেট ফাউণ্ডেশ্যনে সাহায্য আগবঢ়াইছে।

Related News