NORTHEAST NOW (Assamese)
Popular Stories

সামুদ্ৰিক চাইক্ল’ন নিসৰ্গই বিধ্বস্ত কৰি পেলাইছে মুম্বাইৰ স্বাভাৱিক জীৱন যাত্ৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 3, 2020 5:28 pm
index.jpg00

আৰৱ সাগৰৰ নিম্ন চাপৰ পৰা উৎপত্তি হোৱা সামুদ্ৰিক চাইক্ল’ন নিসৰ্গই গুজৰাটৰ লগত মহাৰাষ্ট্ৰৰ বিভিন্ন জিলাত তাণ্ডৱ চলাইছে।

মহাৰাষ্ট্ৰ ৰায়গড়ৰ জিলাৰ লগতে মুম্বাইৰ মহানগৰত সামুদ্ৰিক ধুমুহা নিসৰ্গই স্বাভাৱিক জীৱন যাত্ৰাৰ স্থবিৰ কৰি পেলাইছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মহাৰাষ্ট্ৰ আৰু গুজৰাটত প্ৰৱল বৃষ্টিপাত হোৱাৰ লগতে নিসৰ্গত আক্ৰান্ত জিলাসমূহত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে।

দেশৰ ভিতৰতে সৰ্বাধিক ক’ৰ’নাক্ৰান্ত তথা হটস্পষ্টৰূপে চিহ্নিত মহাৰাষ্ট্ৰৰ মুম্বাইত ১৬৪ মিমি বৰষুণৰ লগতে ধুমুহাই বিভিন্ন বাট পথ অৱৰুদ্ধ কৰি পেলাইছে।

দিনৰ ভাগত যোৱা ২৪ ঘণ্টাত আলিবাগ অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা ৮০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰণ কৰা হৈছে। মুম্বাইৰ পৰা আলিবাগলৈ প্ৰায় ৯৫ ঘণ্টাৰ বেগত সামুদ্ৰিক চাইক্ল’ন নিসৰ্গই গতি কৰিছে।

বুধবাৰে দিনৰ ভাগত নিসৰ্গৰ বাবে মুম্বাইৰ বাণ্ড্ৰা-ৱাৰ্লী সাগৰীয় সংযোগ বন্ধ কৰা হৈছে।

আগন্তুক অত্যধিক দুৰ্যোগৰ মোকাবিলা কৰিববলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ ৫০০ জৰুৰী সদস্য, মুম্বাই অগ্নি নিৰ্বাপক বাহনী আৰু মুম্বাই পৌৰ নিগমৰ সদস্যসকল মুম্বাইত সষ্টম কৰি ৰখা হৈছে।

ইফালে বুধবাৰে মুম্বাইৰ পৰা হুবলীলৈকে প্ৰায় ১ লাখ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰণ কৰা হৈছে।

ইয়াৰে কঙ্কন অঞ্চলৰ পৰা ৬০ হাজাৰ লোক আৰু ৭,০০৩ খন মাছমৰীয়া নাওক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে কতৃপক্ষই।

বৰ্তমান নিসৰ্গই পশ্চিমৰ পৰা পূৱলৈ প্ৰতি ঘণ্টাত প্ৰায় ১০০-১১০ কিলোমিটাৰ বেগত গতি কৰিছে। আনহাতে বতৰ বিজ্ঞান সূত্ৰৰ মতে এই গতি প্ৰতি ঘণ্টাত প্ৰায় ৪০ কিলোমিটাৰকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

ইতিমধ্যে গুজৰাট আৰু মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্য দুখনৰ ১৮ খন জিলাক সামুদ্ৰিক নিসৰ্গৰ দ্বাৰা আক্ৰান্ত হ’ব বুলি সতকৰ্তা জাৰি কৰিছে।

বুধাবৰে নিসৰ্গৰ বাবেই মুম্বাইৰ আন্তৰাষ্ট্ৰীয় বিবান বন্দৰত দিনৰ ২.৩০ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ বিমান অৱতৰণ বন্ধ কৰি দিয়া হৈছে। ২০ খন বিমাৰ যাত্ৰাপথো সলনি কৰা হৈছে সামুদ্ৰিক চাইক্ল’নৰ বাবে।