NORTHEAST NOW (Assamese)
Popular Stories

স্বাস্থ্যমন্ত্ৰীৰ সলনি ‘মুখ্য মন্ত্ৰী’ প্ৰকাশ হোৱাটো ছপাশালৰ অনিশ্চাকৃত ভুল বুলি স্বীকাৰ বাৰ্তা সম্পাদকৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 3, 2020 5:43 pm
c388e15c-9f73-484c-bdb3-03f87f68e9b3

ৰাজ্যিক বিজেপিৰ মুখপত্ৰ ‘অসমীয়া বিজেপি বাৰ্তা’ৰ শেষ পৃষ্ঠাত প্ৰকাশিত এখন বিশেষ ফটো আৰু তাৰ কেপচনক কেন্দ্ৰ কৰি চ’ছিয়েল মেডিয়াত বহুলভাৱে চৰ্চিত হৈছিল।

ফটোখনৰ তলৰ কেপচনত উল্লেখ আছিল ‘মুখ্যমন্ত্ৰীৰ কোৱাৰেন্টাইন কেন্দ্ৰ প্ৰদৰ্শন’। য’ত নেকি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দেখিবলৈ পোৱা নগৈছিল ফটোখনত।

তাৰ পাছতে সেয়া ছপা ভুল আছিল নেকি বুলি আমাৰ সাংবাদিকে বিজেপি বাৰ্তাৰ সম্পাদক দেৱদত্ত বৰকটকীক সুধিছিল। তেওঁ সেয়া ছপা ভুল নহয় বুলি একেমুখে দাবী কৰাৰ লগতে প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাকে মুখ্যমন্ত্ৰী বুলি দাবী কৰিছিল।

লগতে পঢ়ক : এইবাৰ সাংসদে নহয়, বিজেপি বাৰ্তাই মুখ্যমন্ত্ৰী সজালে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক

কিন্তু কালি সবিস্তাৰে নৰ্থ ইষ্ট নাওত এই বাতৰি প্ৰকাশ পোৱাৰ পাছতে আজি সুৰ সলালে বৰকটকীয়ে।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’যোগে বৰকটকীয়ে কয় ‘এইখন বাৰ্তাৰ শেষপৃষ্ঠাত ” স্বাস্থ্যমন্ত্রীৰ” ঠাইত ছপাশালৰ যান্ত্রিক বিজুতিৰ বাবে “মুখ্যমন্ত্রীৰ” বুলি এখন ফটো প্রকাশ হয়। ইয়াৰ বাবে আমি সম্পাদক হিচাপে দু:খিত। এইটো এটা অনিচ্ছাকৃত ছপাশালৰ ভুল।‘

‘ইয়াকে লৈ চ’চিয়েল মিডিয়া আৰু কিছু বাতৰি প্রতিষ্ঠানত বাতৰি প্রকাশ হোৱা আমাৰ পৰিলক্ষিত হৈছে। সেইখিনি ইয়াতেই অন্ত পেলাবলৈ মই বিনম্রভাবে সকলো পক্ষলৈ অনুৰোধ জনালোঁ।‘ তেওঁ লগতে কয়।

উল্লেখযোগ্য যে, প্ৰকাশিত ফ’টোখনৰ কেপচনতে অন্য এক ভুল পোহৰলৈ আহিছিল।

যোৱা ১১ মে’ত তোলা এই ফটোখনত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত দি উল্লেখ কৰিছিল যে তেওঁ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত ৫০খন বিচনাযুক্ত অত্যাধুনিক আই চি ইউ উদ্বোধন কৰিছিল।

কিন্তু ফ’টোখনত ‘মুখ্যমন্ত্ৰীৰ কোৱাৰেন্টাইন চেন্টাৰ প্ৰদৰ্শন’ কৰা বুলি কেপচনত ভুলকৈ প্ৰকাশ কৰা হৈছিল।